Site icon Guwahati Times

মহাভাৰতৰ এই ৯টা সূত্ৰ সদায় মনত ৰাখিব…

মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও ইয়াৰ পৰা যদি আমি এই ৯টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব ৷

1. ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷

#কৌৰৱ

2. আপুনি লাগিলে যিমানেই পৰাক্ৰমী কিম্বা বলবান নহওক কিয়, কিন্তু আপুনি যদি অধৰ্মৰ পক্ষত আছে, তেন্তে আপোনাৰ শক্তি/ আপোনাৰ বিদ্যা-শিক্ষা/ বৰদান/ অস্ত্ৰসস্ত্ৰ সকলো নিষ্ফল হৈ পৰিব৷

#কৰ্ণ

3. সন্তানক ইমান উচ্চাকাংক্ষী তথা মহত্বাকাংশীও কৰি নুতুলিব, যিয়ে নেকি নিজৰেই বিদ্যাৰ অপপ্ৰয়োগ কৰি নিজৰ বিনাশ কৰাৰ লগতে সৰ্বনাশ মাতি আনিব পাৰে৷

#অশ্বত্থামা

4. কেতিয়াও কাৰোবাক নিজৰ মুখেৰে এনে প্ৰতিশ্ৰুতি দিব নেলাগে, যিয়েনেকি এদিন আপোনাক অধৰ্মী বিধৰ্মীৰ সমুখত মূৰ দোঁৱাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব৷

#পিতামহ_ভীষ্ম

5. সম্পত্তি, শক্তি অথবা ক্ষমতাৰ অপপ্ৰয়োগৰ পৰিণাম আৰু দুৰাচাৰীৰ শেষ পৰিণতি বিনাশ হোৱাটো নিশ্চিত৷

#দুৰ্যোধন

6. লোভ, মোহ, অজ্ঞানতা, মদিৰা আৰু অন্ধৰ হাতৰ ক্ষমতাইও বিনাশৰ দিশে লৈ যায়৷

#ধৃতৰাষ্ট্ৰ

7. যদি আপোনাৰ বিদ্যা আৰু বিবেকক সদব্যৱহাৰ কৰে তেন্তে বিজয় নিশ্চিত৷

#অৰ্জুন

8. প্ৰত্যেক টো কাৰ্যতে চল, কপটতা কিম্বা ঠগ প্ৰবঞ্চনাৰে আপুনি সফলতা লাভ কৰিব নোৱাৰে৷

#শকুনি

9. যদি আপুনি নীতি, ধৰ্ম, কৰ্ম সততাৰে পালন কৰে, তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ কোনো শক্তিয়েই আপোনাক পৰাজিত কৰিব নোৱাৰে৷

#যুধিষ্ঠিৰ

(সংগ্ৰহ)

Exit mobile version