বিশ্বাস অনুসৰি গোদা দেৱীয়ে ধনুৰ্মাস ব্ৰত পালন কৰি ভগৱান শ্ৰী বিষ্ণুৰ লগত বিবাহপাশত আবদ্ধ হ’বলৈ সক্ষম হৈছিল। গতিকে মহিলাসকলে সাধাৰণতে এজন ভাল স্বামী পাবলৈ ধনুৰ্মাস ব্ৰত পালন কৰে।
হিন্দু ধৰ্মত কিছুমান মাহক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এই মাহকেইটাত বহুতো উৎসৱ পালন কৰা হয়। প্ৰাচীন কালৰ পৰাই বিশ্বাস চলি আহিছে যে, এই অনুষ্ঠানসনূহে ঘৰ আৰু মনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। ১৬ ডিচেম্বৰৰ পৰা ১৪ জানুৱাৰীলৈ ধনুৰ্মাস আৰম্ভ হ’ব। ধনুৰ্মাসকো ভক্তিৰ প্ৰতীক মাহ হিচাপে ধৰা হয়। পুৰাণত কোৱা হৈছে যে ভগৱান বিষ্ণুৰ ধ্যান আৰু তপস্যাৰ বাবে ধনুৰ্মাসতকৈ উত্তম সময় আৰু নাই। ধনুৰ্মাসত কিছুমান কাম কৰিব নালাগে আৰু একেদৰে কি কি কাম কৰিব লাগে সেই বিষয়ে হিন্দু ধৰ্মীয় শাস্ত্ৰত উল্লেখ আছে।
ধনুৰ্মাসত কি কৰিব?
ধনুৰ্মাসৰ সময়ত বিষ্ণু ভক্তসকলে তিনিটা কাৰ্য যেনে গোদা দেৱী বিৰাচিত থিৰুপ্পাভাই পাঠ কৰা, ভগৱান বিষ্ণুক ফুল আগবঢ়োৱা আৰু তেওঁৰ সৈতে জড়িত ধৰ্মীয় কাম-কাজত নিয়োজিত হোৱা আদি সমাপন কৰিব লাগে। কন্যাৰ দ্বাৰা ঘৰৰ সন্মুখত ৰখা ৰংগোলীৰ ওপৰত পুতলা ৰখাৰ পৰম্পৰাও আছে। ধনুৰ্মাসত ভগৱান বিষ্ণু মধুসুধন নামেৰে জনাজাত। সূৰ্য উদয়ৰ আগতে ঘৰখন পৰিষ্কাৰ কৰিব লাগে, ঘৰৰ মজিয়াত এটা ধুনীয়া ৰংগোলী বনাব লাগে। গৰুৰ গোবৰ পূজা কৰি সেইটো ৰংগোলী মাজত ৰাখিব লাগে আৰু ফুলেৰে সজাব লাগে। ইয়াক গৌৰী দেৱীৰ অৱতাৰ হিচাপে গণ্য কৰা হয়।
থিৰুপ্পাভাইক দুটা ভাগত ভাগ কৰিলে থিৰু মানে পবিত্ৰ আৰু পাৱৈ মানে ব্ৰত বুলি বুজা যায়। গোদা দেৱীয়ে পাৱৈ নামেৰে জনাজাত পুৰণি তামিল শৈলীৰ কাব্য লেখাৰে থিৰুপ্পাভাই ৰচনা কৰিছিল। গোদা দেৱী/আন্দলৰ কাহিনী এটা “ধনুৰ্মাসম ব্ৰত কাহিনী” যি নিয়মীয়াকৈ পঢ়া উচিত।
আজিৰে পৰা আৰম্ভ ধনুৰ্মাস
প্ৰথম পষেকত সূৰ্য উদয়ৰ আগতে পূজা আৰু দ্বিতীয় পষেকত সূৰ্য উদয়ৰ পিছত পূজা কৰা হয়। কাত্যায়িনী ব্ৰত আৰু ধনুৰ্মাস ব্ৰত হৈছে ধনুৰ্মাসৰ সময়ত মহিলাসকলে পালন কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰত। অবিবাহিত মহিলাৰ বাবে ধনুৰ্মাস ব্ৰত ৰখাৰ বিধান আছে। বিশ্বাস অনুসৰি গোদা দেৱীয়ে ধনুৰ্মাস ব্ৰত পালন কৰি ভগৱান শ্ৰী বিষ্ণুৰ লগত বিবাহপাশত আবদ্ধ হ’বলৈ সক্ষম হৈছিল। গতিকে মহিলাসকলে সাধাৰণতে এজন ভাল স্বামী পাবলৈ ধনুৰ্মাস ব্ৰত পালন কৰে।
ইয়াৰোপৰিও, দেৱী পাৰ্বতীয়ে যথাযথভাৱে কাত্যায়িনী ব্ৰত পালন কৰি ভগৱান শিৱক লাভ কৰিছিল। ধৰ্মীয় বিশ্বাস অনুসৰি, পাৰ্বতী অৱতাৰক সতীৰ পুনৰ জনম বুলি কোৱা হয়, সতীয়ে পিতৃ দক্ষৰ দ্বাৰা নিজৰ স্বামী শিৱক কৰা অপমানৰ প্ৰতিশোধ ল’বলৈ দক্ষযজ্ঞত প্ৰাণ আহুতি দিছিল। গতিকে কাত্যায়িনী ব্ৰত পালন কৰা নাৰীয়ে গুণী স্বামী পায় বুলি বিশ্বাস আছে।
ধনুৰ্মাসত কি কৰিব নালাগে
এই মাহত বৈকুণ্ঠ একাদশী পতনৰ তাৎপৰ্য অতি বেছি। বছৰৰ অন্তিম একাদশী আৰু সেয়ে এই মাহতে বিবাহ, নামকৰণ আৰু গৃহ প্ৰৱেশৰ দৰে সকলো শুভ অনুষ্ঠান সম্পন্ন কৰা উচিত নহয়। ধনুৰ্মাসত বিয়া পাতিলে বিবাহিত জীৱনত কিছু বাধা আহিব পাৰে বুলি বিশ্বাস আছে। এই সময়ত গৃহ প্ৰৱেশ অনুষ্ঠান আগন্তুক সমস্যাৰ কাৰক হ’ব পাৰে। এই সময়ত অনুষ্ঠিত কৰা নামকৰণ অনুষ্ঠানে শিশুৰ নিৰাপদ আৰু সুৰক্ষিত ভৱিষ্যত নিশ্চিত নকৰে। গতিকে ধনুৰ্মাসৰ সময়ত সকলো শুভ অনুষ্ঠান পৰিহাৰ কৰা উত্তম।

