Site icon Guwahati Times

বাস্তু শাস্ত্ৰ অনুসৰি যদি নতুন বছৰৰ পৰা আপোনাৰ জীৱন সলনি হোৱাটো বিচাৰে, ঘৰলৈ আনিব এই ৫টা বস্তু

বাস্তু শাস্ত্ৰ অনুসৰি যদি নতুন বছৰৰ পৰা আপোনাৰ জীৱন সলনি হোৱাটো বিচাৰে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু ক্ৰয় কৰিব লাগে। বাস্তু শাস্ত্ৰৰ মতে, এই সামগ্ৰীবোৰ ক্ৰয় কৰিলে ঘৰত ধন-সম্পত্তি বৃদ্ধি পাব।

বাস্তু শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ নতুন বৰ্ষত কিছুমান বস্তু ক্ৰয় কৰিব লাগে।

নৱবৰ্ষত কিছুমান বস্তু ক্ৰয় কৰাটো শুভ বুলি বাস্তু শাস্ত্ৰত কোৱা হৈছে। নতুন বছৰৰ বাবে কি কি বস্তু ক্ৰয় কৰিব লাগে চাওক।

ঘৰত গছ পুলি বিশেষকৈ money plant লগোৱাটো শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ঘৰত থকা মানি প্লাণ্টে সৌভাগ্য কঢ়িয়াই আনে, লগতে দৰিদ্ৰতা দূৰ কৰে।

আইনা বা কাঁচৰ বস্তু শুভ বুলি বিশ্বাস কৰা হয়। বাস্তু শাস্ত্ৰৰ মতে, নৱবৰ্ষৰ বাবে কাঁচৰ সামগ্ৰী ক্ৰয় কৰাটো শুভ হ’ব। আপুনি আইনা, চশমাকে ধৰি বহু বস্তু ক্ৰয় কৰিব পাৰে। ঘৰত আইনাখন উত্তৰ দিশত মুখ কৰি লগোৱাটো ভাল হ’ব।

Laughing Buddhaৰ মূৰ্তি ক্ৰয় কৰিলে ই ঘৰখনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে, এই মূৰ্তিটোৱে পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম বৃদ্ধি কৰিব আৰু লগতে আপোনাৰ উপাৰ্জনো বৃদ্ধি কৰিব।

বাস্তু শাস্ত্ৰত বাঁহ গছক (‍Bamboo Plant) সমৃদ্ধি আৰু দীৰ্ঘায়ুৰ প্ৰতীক বুলি কোৱা হয়। এই বাঁহ গছটোৱে ঘৰত থকা ঋণাত্মক শক্তিক বাহিৰ কৰে আৰু ইয়াক ঘৰত প্ৰৱেশৰ পৰা ৰক্ষা কৰে। বাস্তু শাস্ত্ৰত এই উদ্ভিদে ধন আকৰ্ষণ কৰে বুলি কোৱা হৈছে। বাঁহৰ গছ ঘৰত ৰাখিলে পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি বিশ্বাস কৰা হয়।

ঘৰত Aquarium ৰাখিলে ই সমৃদ্ধিৰ ইংগিত দিয়ে। বাস্তু শাস্ত্ৰত কোৱা হৈছে যে একুৰিয়াম থকা ঘৰত ধন আহে। একুৰিয়াম ঘৰৰ উত্তৰ দিশত ৰাখিব লাগে, কিয়নো উত্তৰ দিশটো কুবেৰৰ দিশ বুলি কোৱা হয়।

Exit mobile version