কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে শ্বিলঙত কালি অসম ৰাইফলচ পাব্লিক স্কুলক খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় হিচাপে উদ্ধোধন কৰে।
সম্প্ৰতি সমগ্ৰ দেশতে ৯ খন বিদ্যালয়ক ক্ৰীড়া বিদ্যালয় হিচাপে অনুমোদন জনোৱা হৈছে।
ইয়াৰে ৫ খন প্ৰতিৰক্ষা আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিচালনা কৰে।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া আঁচনিৰ অধীনত অসম ৰাইফলচ পাব্লিক স্কুলক ক্ৰীড়া বিদ্যালয় হিচাপে ঘোষণা কৰা হয়।
এই বিদ্যালয়ৰ মেধা সম্পন্ন খেলুৱৈ ছাত্ৰ-ছাত্ৰী সকলৰ থকা খোৱা, শিক্ষা, প্ৰতিযোগিতা আদি বিভিন্ন খৰছ কেন্দ্ৰীয় চৰকাৰে বহন কৰিব।
শিক্ষাৰ সৈতে ক্ৰীড়াক আগবঢ়াই নিয়াৰ লগতে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে এজন খেলুৱৈৰ সৰ্বাংগীন বিকাশ সাধন কৰাই হৈছে খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় স্থাপনৰ মূল উদ্দেশ্যে।

