Site icon Guwahati Times

বিকশিত ভাৰত সংকল্প যাত্ৰাই আজি গুৱাহাটীত ইয়াৰ যাত্ৰাৰ ১৯ দিন সম্পূৰ্ণ কৰে…

যোৱা মাহত আৰম্ভ হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীয়ে ৰাজ্যখনত ইয়াৰ প্ৰভাৱশালী যাত্ৰা অব্যাহত ৰাখিছে। এই যাত্ৰাই আজি গুৱাহাটীত ১৯ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। আজি বাক্ৰাপাৰা আৰু বশিষ্ঠত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত বহু স্থানীয় লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত জিএমডিএৰ উপাধ্যক্ষ শ্ৰী মুকুতা ডেকা আৰু জিলা সচিব (জি) শ্ৰী মানশ প্ৰতিম দাসৰ সৈতে জিএমচিৰ মেয়ৰ শ্ৰী মৃগেন শৰনীয়াই অংশগ্ৰহণ কৰে।

ইপিনে আজি ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়েও বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে আৰু ৰাইজক আগবাঢ়ি আহি চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰে।

 

 

অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অসম চৰকাৰৰ তথ্য আৰু জনসম্পৰ্ক মন্ত্ৰী শ্ৰী পীযূষ হাজৰিকাই ডিব্ৰুগড় জিলাৰ ইকৰাটলি গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

 

 

একেদৰে অসম চৰকাৰৰ জলসিঞ্চন, নগৰ উন্নয়ন মন্ত্ৰী শ্ৰী অশোক সিংঘলে বিহালী সমষ্টিৰ বিধায়ক শ্ৰী ৰঞ্জিত দত্ত, বিশ্বনাথ সমষ্টিৰ বিধায়ক শ্ৰী প্ৰমোদ বৰঠাকুৰৰ সৈতে আজি বিশ্বনাথ চাৰিআলিত বিকশিত ভাৰত সংকল্প যাত্ৰাত যোগদান কৰে।

 

 

উল্লেখ্য যে ২০২৩ চনৰ ১৮ ডিচেম্বৰলৈকে এই যাত্ৰাই প্ৰায় ১,৫৯০ খন গাঁও পঞ্চায়ত আৰু নগৰীয়া স্থান সামৰি লৈছে, য’ত প্ৰায় ১৪,৩৭,৮৮৪ জন লোকে অংশগ্ৰহণ কৰিছে। ইয়াৰোপৰি যাত্ৰাস্থলীত অনুষ্ঠিত স্বাস্থ্য শিবিৰত প্ৰায় ২,২৪,৬৪৭ জন লোকক পৰীক্ষা কৰা হৈছে।

Exit mobile version