Site icon Guwahati Times

২০২৩ৰ সবাতোকৈ চৰ্চিত অভিনেত্ৰী কিয়াৰা আদৱানী..

প্ৰতি বছৰৰ দৰে এই বছৰো গুগলে ইয়াত আটাইতকৈ বেছি অনুসন্ধান কৰা লোকৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত বহু বলীউডী ছবি তথা অভিনেত্ৰীৰ নাম অন্তৰ্ভুক্ত আছে।হয়, ২০২৩ চনত দেশ-বিদেশৰ কোটি কোটি লোকে আটাইতকৈ বেছি অনুসন্ধান কৰিলে কিয়াৰা আদৱানীৰ নাম। এই বছৰটোত গুগলত প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ বিষয়ে লোকসকলে কি জানিবলৈ বিচাৰিলে, আপুনিও জানি লওঁক-

কিয়াৰাৰ বিয়া

এই বছৰৰ ৭ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এই সময়ছোৱাত বহুতেই কিয়াৰাৰ বিয়াৰ লেহেংগাৰ মূল্যৰ পৰা তেওঁৰ বিয়াৰ ফটোলৈকে গুগলত অনুসন্ধান কৰিছিল।উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিয়াৰ প্ৰতিটো অনুষ্ঠানতে প্ৰখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাৰ লেহেংগা পিন্ধিছিল।

কিয়াৰাৰ মংগলসূত্ৰ 

হয়, অভিনেত্ৰীগৰাকীৰ বিবাহৰ ফটোবোৰ খুব কম সময়তে অতি ভাইৰেল হৈ পৰিছিল।ইয়াৰ পাছতো বহু লোকে অভিনেত্ৰীগৰাকীৰ মংগলসূত্ৰৰ বিষয়েও তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ বিবাহৰ অভ্যৰ্থনাৰ লুকটোকো গুগলত অনুসন্ধান কৰা হৈছিল। কিয়াৰাই তেওঁৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত এটা ক’লা আৰু বগা ফিছ কাট গাউন পিন্ধিছিল। তদুপৰি, অভিনেত্ৰীগৰাকীৰ বিবাহৰ ফটোবোৰো যথেষ্ট অনুসন্ধান কৰা হৈছে, যিখিনি ফটো সিদ্ধাৰ্থ মালহোত্ৰাই -কিয়াৰাই নিজেই ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছিল।

কিয়াৰাৰ প্ৰাক্তন প্ৰেমিক

কিয়াৰাৰ বিয়াৰ সময়ত বহুলোকে কিয়াৰাৰ প্ৰাক্তন প্ৰেমিকৰ বিষয়েও গুগলত অনুসন্ধান চলাইছিল।উল্লেখ্য যে, কিয়াৰাই  পৰিচালক আব্বাছ বাৰ্মাৱালাৰ পুত্ৰ মুস্তাফা বাৰ্মাৱালা আৰু কাৰ্তিক আৰ্যনৰ সৈতে পূৰ্বে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল বুলি চৰ্চা চলিছিল।

Exit mobile version