Site icon Guwahati Times

পত্নীৰ দাৰ ঘাপত আহত স্বামী!

ৰূপহীহাটৰ ৩নং ভূৰবন্ধাত আজি দিনৰ ভাগত এক পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিৰ ঘটনা সংগঠিত হয়। পত্নীয়ে হত্যাৰ চেষ্টা চলালে নিজ স্বামীক ৷ পত্নী নুৰ নেহাৰৰ দাৰ ঘাপে ডিঙি কাটিলে স্বামী আনোৱাৰ হুছেইনৰ। স্বামী আনোৱাৰ হুছেইনে দ্বিতীয় বিবাহ কৰাৰ বাবেই প্ৰথমা পত্নীয়ে সংঘটিত কৰিলে এই জঘন্য কাণ্ড৷ পত্নীৰ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্বামী আনোৱাৰ হুছেইন। মুমূৰ্ষু অৱস্থাত ততাতৈয়াকৈ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায়। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আটক কৰে আনোৱাৰ হুছেইনৰ পত্নী নুৰ নেহাৰক। ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৩নং ভূৰবন্ধাত।

Exit mobile version