Site icon Guwahati Times

সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!

সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত শিহৰণকাৰী ঘটনা। নলবাৰীত একলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই। নলবাৰীৰ বৰমাৰ কদমতলৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীগৰাকীৰ। আনফালে এতিয়াও চিকিৎসাধীন হৈ আছে ১৮ বছৰীয়া প্ৰেমিক।

চাঞ্চল্যকৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। অভিযোগ অনুসৰি যুৱকজনে পূৰ্বেও কিশোৰীগৰাকীক বিহপান কৰিবলৈ কৈছিল।

যুৱকজনে প্ৰেমিকাক বিহপান কৰিবলৈ বাধ্য কৰাইছিল কিন্তু যুৱকজনে বিহপানৰ অভিনয় কৰাৰ অভিযোগ উত্থাপন হৈছে।

বৰমাৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত আছিল দুয়োগৰাকী। পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহিছিল দুয়ো কিশোৰ। নলবাৰীৰ দীপ্তা সুৰাদীত ঘৰ প্ৰেমিক-প্ৰেমিকাহালৰ।

Source: https://assam.news18.com/photogallery/assam/boyfriend-and-girlfriend-take-poison-together-on-saraswati-puja-in-nalbari-tv-koilash-kd-440987-page-4.html

Exit mobile version