Site icon Guwahati Times

Aadhaar আপডেট কৰিবলৈ কি কি নথি–পত্ৰ লাগিব, তালিকা প্ৰকাশ কৰিলে UIDAI–এ

আধাৰ কাৰ্ড সংক্ৰান্তীয় ডাঙৰ ঘোষণা কৰিলে UIDAI–এ। আপুনি যদি আধাৰ কাৰ্ডত জন্মৰ তাৰিখ বা ঠিকনা সলনি কৰিব বিচাৰে তেনেহ’লে আপোনাৰ বাবে এয়া জনাটো অতি প্ৰয়োজনীয়।

বেংকৰ একাউণ্টৰ পৰা পাছপ’ৰ্টলৈ সকলোৰে বাবে এতিয়া আধাৰ কাৰ্ডৰ প্ৰয়োজন। সেয়ে জন্মৰ তাৰিখ বা ঠিকনা ভুল থাকিলে সমস্যাত পৰিব পাৰে আপুনি। সেয়েহে আধাৰ কাৰ্ডত কোনো ভুল থাকিলে পলম নকৰি সেয়া সলনি কৰি লওক। জানি লওক জন্ম তাৰিখ সলনিৰ বাবে কি কি নথি–পত্ৰ লাগিব।

 

টুইটযোগে UIDAIৰ ফালৰ পৰা জনোৱা হৈছে যে জন্মৰ তাৰিখ সলনি কৰিবলৈ কিছুমান নথি–পত্ৰৰ প্ৰয়োজন। Proof Of Identity হিচাপে UIDAI–এ ৩২ বিধ নথি বৈধ হিচাপে মানি লয়। Proof Of relationshipৰ বাবে ১৪ বিধ নথি, জন্মৰ তাৰিখৰ বাবে ১৫ বিধ নথি, Proof of Address (PoA)ৰ বাবে ৪৫ বিধ নথি বৈধ বুলি মানি লয়। কি কি নথিৰ প্ৰয়োজন চাওক।

DOB Documents : ১. বাৰ্থ চাৰ্টিফিকেট, ২. পাছপ’ৰ্ট, ৩. পেন কাৰ্ড, ৪. মাৰ্কশ্বিট, ৫. এছএছএলচি বুক বা চাৰ্টিফিকেট।

Proof Of Identity (PoI) : ১. পাছপ’ৰ্ট, ২. পেন কাৰ্ড, ৩. ৰেছন কাৰ্ড, ৪. ভোটাৰ আই ডি, ৫. ড্ৰাইভিং লাইচেঞ্চ

Proof of Address (PoA) : ১. পাছপ’ৰ্ট, ২. বেংক ষ্টেটমেণ্ট, ৩. পাছবুক, ৪. ৰেছন কাৰ্ড, ৫. পোষ্ট অফিচৰ একাউণ্ট ষ্টেটমেণ্ট, ৬. ভোটাৰ আই ডি, ৭. ড্ৰাইভিং লাইচেঞ্চ, ৮. বিদ্যুতৰ বিল, ৯. পানীৰ বিল।

Exit mobile version