এতিয়াৰে পৰা অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড

1 min read

গুৱাহাটীঃ এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড। ৰাজ্যত অধ্যয়ন কৰি থকা ছবছৰৰ পৰা ওঠৰ বছৰ বয়সৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবেই বাধ্যতামূলক হ’ব আধাৰ।

এই ক্ষেত্ৰত অসমৰ শিক্ষা বিভাগে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। সোমবাৰৰ পৰা ৰাজ্যৰ সকলো জিলাতে আৰম্ভ হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে আধাৰ প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া।

এই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খোলা হ’ব আধাৰ কেন্দ্ৰ ।

“এই প্ৰক্ৰিয়া ক্লাষ্টাৰ হিচাপত হ’ব । উদাহৰণস্বৰূপে কামৰূপ একাডেমীত কেন্দ্ৰ স্থাপন হ’লে, ছেইণ্ট মেৰীজ, টিচি স্কুলৰ শিক্ষাৰ্থীসকলে তাত কৰিব পাৰিব।” কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে এনেদৰে উল্লেখ কৰে ।

 

You May Also Like

More From Author