Site icon Guwahati Times

বিদ্যুৎ মাচুল বৃদ্ধিক লৈ আপৰ অসন্তুষ্টি, সংবাদ মেলত চোকা ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীক

পুনৰ বৃদ্ধি হ’ল বিদ্যুৎ মাচুল। সঘনাই বিদ্যুৎ মাচুল বৃদ্ধিক লৈ আপৰ অসম ৰাজ্যিক কমিটিৰ অসন্তুষ্টি প্ৰকাশ। শেহতীয়াকৈ শনিবাৰে বিদ্যুৎ মাচুল পুনৰ বৃদ্ধি কৰাক লৈ জাননী জাৰি কৰাৰ পিছত সমগ্ৰ বিষয়টোৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আপৰ অসম ৰাজ্যিক নেতৃত্বই সংবাদ মেল অনুষ্ঠিত কৰে।


আপৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাৰ লগতে অন্যান্য নেতৃত্ব ক্ৰমে গীতা চহৰীয়া আৰু জয়ন্ত কুমাৰ কলিতাও উপস্থিত আছিল।

“হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিগত দুটা বছৰত দুটা কাম কৰিছে, এটা হ’ল পুৰণি কাৰ্যালয়ৰ বিল্ডিং ভঙা আৰু আনটো হ’ল বিদ্যুৎ মাচুল বৃদ্ধি কৰা, তাৰ বাহিৰে একো নাই।” এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই।

মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণক মাধমাৰ নিদিবলৈও আপৰ নেতৃত্বই চৰকাৰক দাবী জনায়। সংবাদ মেলতে জিতুল ডেকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নন্দিতা গাৰ্লোছাকো চোকা ভাষাৰে সমালোচনা কৰে।

Exit mobile version