Site icon Guwahati Times

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (AASAA)ৰ ২৫তম প্ৰতিষ্ঠা দিৱস পালন

আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ ২৫তম প্ৰতিষ্ঠা দিৱসটি তথা ৰূপালী জয়ন্তীটি নগাঁও জিলা শালনা চিমনা বস্তুিৰ ৰাষ্ট্ৰীয় শ্বহীদ বিৰ বিৰচা মুন্ডা ভৱনৰ প্ৰাংগনত কৰো’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা হয় ৷

উত্ত কৰ্যসূচী মতে পতকা উত্তোলন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক পুৰন গন্জ্ঞু, সহযোগ কৰে আছা কৰ্মী গৌতম ভূইহঁৰ আৰু শ্বহীদ তৰ্পণ কৰে আছা নগাঁও জিলা সমিতিৰ প্ৰাত্তন সম্পাদক শিৱৰাম কুৰ্মী সহযোগ কৰে আছা চিমনা বস্তুি আঞ্চলিক সমিতিৰ সভাপতি সন্জীত কুৰ্মীয়ে ৷

উত্ত কাৰ্যসূচীৰ মূখ্য অতিথি হিচাপে থাকে কলিয়াবৰ লোকসভাৰ সাংসদ মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই ৷ উত্ত কাৰ্যসূচীত উপস্থিতি হৈ শ্বহীদ বেদীত ফুল পুস্প শ্ৰদ্ধান্জলী জনাই ৰাষ্ট্ৰীয় শ্বহীদ বিৰ বিৰচা মুন্ডা ভৱনৰ নামত তেওঁৰ নিজ সাংসদ পুজিঁৰ পৰা এটি মাননি আগবঢ়াম বুলি সকলো আছা নেতা তথা ৰাইজৰ আগত বক্তব্য ৰাখে ৷

লগতে কাৰ্যসূচীত উপস্থিত থাকে আছা নগাঁও জিলা সমিতিৰ শিক্ষা সম্পাদক বিন্দেশ্বৰ গন্জ্ঞু, চিমনা আঞ্চলিক সমিতিৰ সম্পাদক সুভাচ ভীলৰ লগত বহুতো আছাৰ বিষয়ববীয়া উপস্থিত থাকে ৷

Exit mobile version