আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) ৰাজমাই প্ৰাথমিক সমিতিৰ উদ্যোগত ৰাজমাই চাহ বাগিচাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়। স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰা,শ্ৰমিকৰ বোনাচ ২০% দিয়াৰ ব্যৱস্থা কৰা,ৰাজমাই চাহ বাগিচাৰ মাটি অবৈধ দখলকাৰীক NOC দিয়া বন্ধ কৰা লৈ আছাৰ কৰ্মীসকলে ৰাজমাই বাগিছাৰ প্ৰধান পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত কাৰ্যসূচীত ৰাজমাই প্ৰাথমিক সমিতিৰ সভাপতি স্বৰাজ তাঁতী, সম্পাদক চুনিল তুৰি,জিলা সভাপতি নৰেন তাঁতী,উপ সভাপতি মহেন্দ্ৰ মানকী, সাংগঠনিক সম্পাদক চন্দেশ্বৰ তাঁতী,সহ সম্পাদক চুকদেব মুণ্ডা,ডিমৌ আঞ্চলিক সমিতি সভাপতি ডেভিদ বনিয়া,ভাৰপ্ৰাপ্ত সম্পাদক ৰাজীৱ নায়ক,সম্পাদক ললিত তাঁতী লগত ৰাজমাই প্ৰাথমিক সমিতিৰ বিষয়ববীয়া লগতে ডিমৌ আঞ্চলিকৰ বিষয়ববীয়া অংশগ্ৰহণ কৰে ।
ডিমৌত শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত AASAAৰ ধৰ্ণা

