Site icon Guwahati Times

হেমলাই চাহ বাগিছাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী: চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান আৰু প্ৰাপ্য অধিকাৰ প্ৰদানৰ দাবীত মৰিয়নীৰ হেমলাই চাহ বাগিছাত আজি পুৱা শ্ৰমিক সকলে গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ হেমলাই প্ৰাথমিক গোটৰ উদ্যোগত হেমলাই চাহ বাগিছাত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, পি এফ-গ্ৰেছুটি আদায় দিয়া, বাগিছাত এম্বুলেন্সৰ ব্যৱস্থা কৰা,নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়া, বাগিছাৰ সকলো শ্ৰমিকৰ পকী ঘৰ নিৰ্মান কৰা, বাগিছা অঞ্চলত অবৈধ সুৰা বন্ধ কৰাকে ধৰি আঠ দফীয়া দাবী লৈ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদ কাৰী সকলে বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

প্ৰতিবাদত আছাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা বিতুল কুৰ্মীকে ধৰি বহু কৰ্মীয়ে অংশগ্ৰহণ কৰা লগতে বাগিছাৰ শতাধিক শ্ৰমিকে অংশ গ্ৰহণ কৰাত পুৱাৰ পৰা বাগিছাৰ কাম কাজত অচলাৱস্থাৰ সৃষ্টি হয়।প্ৰতিবাদৰ অন্তত বাগিছা কৰ্তৃপক্ষৰ হাতত আছাৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Exit mobile version