Site icon Guwahati Times

আছুৰ সভাপতি পদত পুনৰ দীপাংক নাথ, সম্পাদক শংকৰজ্যোতি বৰুৱা

গুৱাহাটীঃ আছুৰ সভাপতি পদত পুনৰবাৰ নিৰ্বাচিত হৈছে দীপাংক কুমাৰ নাথ। নতুন সমিতিখনত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে শংকৰজ্যোতি বৰুৱাক।

দুলীয়াজান অধিৱেশনস্থলীত পুৱতি নিশালৈকে চলা বিষয়ববীয়া বাছনি সভাত হোৱা আলোচনা মৰ্মে নাথ আৰু বৰুৱাক ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

আনহাতে দুলীয়াজান অধিৱেশনতে আছু ত্যাগ কৰে পূৰ্বৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে। জাতিৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে গগৈয়ে। আগন্তুক দিনত লুৰীণজ্যোতি গগৈয়ে সক্ৰিয় ৰাজনীতিত যোগ দিব বুলি সৰৱ চৰ্চা চলিছে।

Source: News Live

Exit mobile version