জনজাতিকৰণ আৰু শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আছাৰ প্ৰতিবাদ

0 min read

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবীত আছাই আজি মাকুমত প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী মাকুম নগৰৰ মাজ মজিয়াত, ৰাষ্ট্ৰীয় ঘাইপথত আজি পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে । আছাৰ মাকুম আঞ্চলিক সমিতিৰ উদ্যোগত চাহ জনগোষ্ঠীৰ জনপ্ৰতিনিধিৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই কাৰ্যসূচীত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিশান, সাংসদ পল্লৱ লোচন দাসৰ জুমুঠি দাহ কৰি মাকুম নগৰৰ ৰাজপথ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি মাকুম নগৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে । আছাই উত্থাপন কৰা চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা,চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবী শীঘ্ৰে পূৰণ নকৰিলে আন্দোলন তীব্রতৰ কৰাৰ হুংকাৰ প্রদান কৰিছে।

You May Also Like

More From Author