Site icon Guwahati Times

গৰুখুটিত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ময়নুলক : আব্দুল খালেক

দৰঙৰ গৰুখুটিৰ প্ৰতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণ সম্পৰ্কে বৰপেটাৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকৰ প্ৰতিক্ৰিয়া । পৰিকল্পিত ভাৱে মইনুল নামৰ প্ৰতিবাদকাৰীক হত্যাৰ অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে । সাংসদ খালেকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মইনুল নামৰ প্ৰতিবাদকাৰী জনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল । যি ঠাইত প্ৰতিবাদ হৈছিল, সেই ঠাইত মইনুলৰ মৃত্য হোৱা নাই ৷ কিছু আঁতৰতহে তেওঁৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি ময়নুল সন্ত্ৰাসবাদী নহয়, প্ৰতিবাদকাৰীহে আছিল বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰ লগতে, যি সময়ত মিজোৰাম সীমান্তত ছজনকৈ অসম আৰক্ষীৰ জোৱান শ্বহীদ হোৱাৰ পিছতো আৰক্ষীয়ে প্ৰত্যুত্তৰ দিব নোৱাৰিলে, কিন্তু এজন লাঠি লৈ খেদি অহা প্ৰতিবাদকাৰীক ২৭ জন আৰক্ষীয়ে সন্মলিতভাৱে হত্যা কৰিলে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ খালেকে ৷
Exit mobile version