Site icon Guwahati Times

অভয়াপুৰীৰ মৰাকুজিয়াত অবৈধ বেদখলকাৰীৰ দপদপনি। বেদখলৰ ফলত মৰাকুজিয়াৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে পানীধাৰন ক্ষমতা।

গুৱাহাটী বাসীক বানমুক্ত কৰাৰ অৰ্থে চৰকাৰে ঐতিহাসিক শিলসাকো বিল বেদখল মুক্ত কৰাৰ সময়তে বেদখলৰ কৱলত পৰি শীৰ্ণকায় হোৱাৰ ক্ষোভত নীৰৱে কান্দিছে এখন নৈয়ে। অভয়াপুৰী চহৰৰ থিক সোমাজেৰে বৈ যোৱা মৰা কুঁজীয়া নৈখনেই হৈছে নিজৰ অস্তিত্ব বিছাৰি কন্দা এই নদীখন। চহৰ খনৰ পুৰণি বাসিন্দা সকলে জানিবলৈ দিয়া মতে মাত্ৰ কেইটামান দশক পূৰ্বে মৰা কুঁজীয়া আছিল এখন চিৰ প্ৰবাহমান নদী। ৰজাদিনীয়া বাণিজ্যিক কেন্দ্ৰ অভয়াপুৰীলৈ বহু দূৰ দুৰণিৰ পৰা কুঁজীয়া নদীৰে প্ৰকাণ্ড প্ৰকাণ্ড নাঁৱেৰে বাণিজ্যৰ সমল আহিছিল। বিশেষকৈ সাপ্তাহিক হাটৰ দুদিন শ শ নাঁৱৰে ভৰি পৰিছিল কুঁজীয়া নদী। কিন্তু সময় আগবঢ়াৰ লগে লগে কুঁজীয়াই হেৰুৱাই পেলালে সেই ভীমকায় ৰূপ। এচাম স্বাৰ্থান্বেষী লোকে কুঁজীয়া নদীৰ দুয়োপাৰত অবাধে চলোৱা বেদখলৰ ফলত বন্ধহৈ পৰে নৈখনৰ প্ৰবাহ। স্ফটিক সদৃশ পৰিস্কাৰ পানীৰে প্ৰবাহিত কুঁজীয়া এতিয়া লেতেৰা দুৰ্গন্ধময় নৰ্দমা মাথোন। চহৰৰ পানী ওলাই যোৱাৰ একমাত্ৰ সুগম পথ মৰা কুঁজীয়াৰ এই বিষম ৰূপে বৰ্তমানে ভালকৈয়ে জলাকলা খুৱাইছে অভয়াপুৰী বাসীক।

বাৰিষাৰ এজাক বৰষুণৰ পিছতেই চহৰখনৰ অধিটকাংশ অঞ্চলেই কৃত্ৰিম বানত। বেদখলৰ কবলত পৰি নৰ্দমালৈ পৰ্যব্যশিত হোৱা মৰা কুঁজীয়াৰ লেতেৰা আবৰ্জনা ঘৰৰ ভিতৰলৈ সোমাই এক নাৰকীয় পৰিবেশৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে এই সমষ্ট কথা অৱগত কৰি ইতিপূৰ্বে কেবাবাৰো কৰ্তৃপক্ষক নদীখন বেদখল মুক্ত কৰাৰ বাবে আবেদন জনাইছে যদিও আশ্বাসৰ বাহিৰে একোকে হৈ নুথিল। পৌৰ নিৰ্বাচনৰ সময়ত প্ৰায় প্ৰতিবাৰেই মৰা কুঁজীয়াৰ বেদখল ৰাজনৈতিক দলৰ বাবে প্ৰধান ইচু হৈ পৰিলেও পিছত সকলো ফুটুকাৰ ফেনহৈ পৰে। বছৰৰ পিছত বছৰ ধৰি ৰাইজৰ আবেদন ডাষ্টবিনৰ আবৰ্জনা হৈ অহাত ৰাইজ নিৰাশ হৈ পৰিছিল যদিও সদ্যহতে গুৱাহাটীৰ শিলসাকো বিল বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে গ্ৰহন কৰা পদক্ষেপত আশাৰ ৰেঙণি দেখা পাইছে ৰাইজে। ৰাইজে আশা কৰিছে অভয়াপুৰীৰ প্ৰাণ স্বৰূপ মৰা কুঁজীয়াক বেদখলমুক্ত কৰি চৰকাৰে চহৰখনক কদৰ্যমুক্ত কৰাৰ লগতে কৃত্ৰিম বানৰ পৰা চহৰবাসীক উদ্ধাৰ কৰিব।

অভয়াপুৰীৰ পৰা তপন ৰাজবংশী|

Exit mobile version