গুৱাহাটী মাছখোৱাৰ আই টি এ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ছাত্ৰ সংহতি দিৱস। অনুষ্ঠানত সভাপতিত্ব কৰে এবিএমছুৰ সভাপতি আশ্ৰাফুল ইছলাম। মুখ্য অতিথি হিচাপে অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড: হীৰেন গোহাঁইৰ লগতে বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন মন্ত্ৰী ৰকীবুল হুছেইন , কোকৰাঝাৰৰ সাংসদ ৰকিবুল হুছেইন, সাংবাদিক নিতুমণি শইকীয়া, জৈষ্ঠ অধিবক্তা হাফিজ ৰশিদ চৌধুৰী, জৈষ্ঠ অধিবক্তা এন, আই, চৌধুৰী আদি কৰি কেইবাগৰাকী বিশিষ্ট বুদ্ধিজীৱী।
উক্ত সভাত এবিএমছুয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।
“অসমৰ সংখ্যালঘূৰ অধিকাৰ বিচাৰি দিছপুৰ আৰু দিল্লীৰ যন্তৰ মন্তৰত আন্দোলন ঘোষণা এবিএমছুৰ”।।
“বিজেপিৰ বিভাজনৰ ৰাজনীতি তথা সংখ্যালঘুক বিভাজন নকৰিবলৈ আহ্বান এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশৰাফুল ইছলামৰ”