31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

Assamese Newsঅভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট :–নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ বিশিষ্ট চিৰসেউজ অভিনেতা, পৰিচালক,অসম আন্দোলনৰ এগৰাকী সক্ৰিয় নেতা প্ৰদীপ শৰ্মাৰ সোমবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল’ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয় ৷ মৃত্যুৰ সময়ত শৰ্মাৰ বয়স হৈছিল ৭০বছৰ । উল্লেখ্য যে,যোৱা ১১জুলাইত প্ৰদীপ শৰ্মা জ্বৰত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ গুৱাহাটীৰ ইন্টাৰনেচনেল এপ’ল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ১৪ জুলাইত তেওঁৰ দেহত জাপানীজ এনকেফেলাইটিছ হোবা বুলি নিশ্চিত হয় চিকিৎসক ৷ তেতিয়াৰে পৰা শৰ্মা চিকিৎসাধীন অৱস্থাত আছিল যদিও নিয়তিৰ ওচৰত হাৰ মানি অৱশেষত সোমবাৰে বিয়লি শেষনিশ্বাস ত্যাগ কৰে ।

নগাঁও জিলাৰ বেবেজীয়াৰ বলিষ্ঠ চিৰসেউজ অভিনেতা,নাট পৰিচালকৰূপে পৰিচিত প্ৰদীপ শৰ্মা কেৱল বৃহত্তৰ বেবেজীয়া অঞ্চলৰে নহয়,সমগ্ৰ জিলাখনৰে এগৰাকী প্ৰবীণ নাট্য শিল্পী হিচাপে এগৰাকী শিল্পী,নাট্যকৰ্মী,নাট পৰিচালকগৰাকীয়ে পাঁচ-ছয় বছৰ বয়সতে অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ ভাৱৰীয়া বচন আৰু বিলাপ গাই ৰসিক লোকক ৰসদান কৰিছিল ৷ আশীৰ দশকতে ভ্ৰাম্যমাণ মঞ্চ জীপাল কৰাৰ লগতে অংকীয়া ভাওনাৰ বলিষ্ঠ অভিনয়ৰ লগতে নাট পৰিচালনা কৰালৈকে বলিষ্ঠ শিল্পী আছিল প্ৰদীপ শৰ্মা ৷ শৰ্মাই সুন্দৰৰ আৰাধনাৰে অশেষ কষ্টৰে সুন্দৰ আৰু বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ মনত বিশেষ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ কোমল মন আৰু নিভাঁজ সৃষ্টিৰ সোঁত বোৱাই জীৱন সংগ্ৰামৰ কঠিন পৰিস্থিতিকো নেওচি অভিনয় জগতলৈ নীৰৱে আগবঢ়াই গৈছিল অনবদ্য অবদান ৷ বিশেষকৈ অভিনয় আৰু নাট পৰিচালনাৰ ক্ষেত্ৰত বিশেষভাৱে নাম কৰিছিল শিল্পীগৰাকীয়ে ৷ কেৱল পাঁচ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা “ভক্ত প্ৰহ্লাদ” নাটকত অভিনয় কৰিছিল প্ৰদীপ শৰ্মাই ৷ ইয়াৰ পাছৰে পৰা তেওঁ আৰু পাছলৈ উভতি চাব লগীয়া হোৱা নাছিল ৷ নগাঁও-মৰিগাওঁ জিলাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত অবিৰতভাৱে অভিনয় আৰু নাট পৰিচালনাৰ যাত্ৰা অব্যাহত ৰাখিছিল প্ৰদীপ শৰ্মাই । বেবেজীয়া যুৰীয়া নামঘৰৰ সমীপৰ এটি সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰদীপ শৰ্মা ই ৮০-৯০ দৰ্শকত দুদন্ত অভিনয় কৰাৰ লগতে সমান্তৰালকৈ বহুকেইখন নাট পৰিচালনাও কৰিছিল ৷ তেওঁ অভিনয় কৰা তথা পৰিচালনা কৰা নাটসমূহ হ’ল ক্ৰমে– সৰু কালৰ অভিনয় (নাট সমূহ) :– ভক্ত প্ৰহ্লাদ,দাতাকৰ্ণ,কিয়,সেই বাটেদি ৷ অভিনেতাৰূপে অভিনয় কৰা নাটসমূহ হ’ল :–ভক্ত প্ৰহ্লাদ,দাতাকৰ্ণ, দৌপদ্ৰীৰ বস্ত্ৰহৰণ,শকুনিৰ প্ৰতিশোধ,মহা তপস্বী বিশ্বমিত্ৰ,ধন্যকণ্যা-ভাগ্যকণ্যা,কুৰুক্ষেত্ৰ,সেই বাটেদি কিয়,টেটোন তামুলী,কণৌজ কুঁৱৰী,ছত্ৰপতি শিৱাজী মুনকাৰ,কল্লোল,সীতা হৰণ,আনাৰকলি,সতী জয়মতী,ছেক্ৰেটৰী,জটায়ু,অৱক্ষয়,গুপ্তকক্ষ,হেংদাং,ৰাম-বলৰাম,পাহাৰ সীমান্ত,লাচিত বৰফুকন, শৰাইঘাট,মহামতী আকবৰ,পৰশুৰাম,বৰ মানুহৰ দোলা,অভিশপ্ত চম্বল,সাঁকো,দখল,ধুমুহা পক্ষীৰ গান,বকুল গধূলি হ’ল,বসুন্ধৰা,নিলাজ দেৱতা, অপৰাজিতা,প্ৰিয়া মোৰ প্ৰেয়সী,বিশ্বাসঘাটক, যজাতি,পদুম পাত,জেৰেঙাৰ সতী,অষ্ট ব্ৰজ মিলন, বন্দে মাতৰম,নগা কোঁৱৰ,মানুহ,পিয়লী ফুকন,
বানচেং,মহাৰাণী লক্ষ্মীবাঈ,চাবুক,লংগৰ,কালা পাহাৰ,লাজ,কাল,ইয়াণ্ডাবু,দাগ,মুক্তি আদি ৷
উল্লেখ্য যে শৰ্মাই মহিলা অভিনেত্ৰীৰূপে অভিনয় কৰা নাটক কেইখন হ’ল টেটোন তামুলী,মুনকাৰ, কল্লোল,পৰশুৰাম,কণৌজ কুঁৱৰী ৷ তদুপৰি তেওঁ বলিষ্ঠ অভিনয়ৰে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰা নাটকসমূহ আছিল–শ্ৰী গুৰু থিয়েটাৰৰ সুভাষ বসু, মানুহ,বসুন্ধৰা,বকুল গঘুলি হ’ল,বন্দে মাতৰম আৰু নৱাৰুণ থিয়েটাৰত নিলাজ দেৱতা,প্ৰিয়া মোৰ প্ৰেয়সী,দেৱতা,অপৰাজিতা,বিশ্বাস ঘাটক । ইফালে অসমীয়া ভাওনাত অভিনয় কৰা নাটসমূহ হল– ভক্ত প্ৰহ্লাদ,ভক্ত কুৱলাছ,ত্ৰিপুৰাসুৰ বধ,গয়া সুৰৰ তীৰ্থ যাত্ৰা,সীতাৰ সয়ম্বৰ,দেৱযজ্ঞ,যমনগৰত জীয়া মানুহ,বালি সুগ্ৰীৱৰ যুদ্ধ আদিৰ ওপৰি প্ৰায় শতাধিক নাটত সুন্দৰ অভিনয়ৰে দৰ্শক ৰাইজৰ মনত বিশেষ ৰেখা পাত কৰিবলৈ সক্ষম হৈছিল ৷ বৃহত্তৰ বেবেজীয়া অঞ্চলটিত সমাজৰ বিভিন্ন কামৰ লগত জড়িত হোৱাৰ উপৰি আমৃত্যু পৰ্যন্ত অভিনয় অব্যাহত ৰখা প্ৰদীপ শৰ্মাই ১৯৯২ চনত বিভা ভট্টাচাৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ৷ বেবেজীয়া অঞ্চলত “সোণ্টি দা” ৰূপে পৰিচিত প্ৰদীপ শৰ্মাই বিভিন্ন অনুষ্ঠানত বিনা পাৰিশ্ৰমিকৰে কণ-কণ শিশুসকলৰ লগতে অন্যান্যসকলকো  অভিনয় শিকাইছিল বহুকেইখন নাটকত । স্মৰ্তব্য যে যোৱা দুটাকৈ বছৰে নগাঁৱৰ বেবেজীয়াৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা “ৰ’দঘাই বেবেজীয়া” অনুষ্ঠানটিৰ সভাপতিৰ দৰে গুৰু দায়িত্বত অতি সুন্দৰকৈ পালন কৰি এক নাট্যানুষ্ঠানৰ জন্ম দিয়া ক্ষেত্ৰতো এই শিল্পীগৰাকীয়ে বিশেষ ভূমিকা বহন কৰিছিল ৷ শিল্পীগৰাকীয়ে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰলৈ অনেক অৱদান আগবঢ়াই অহাৰ বাবে যোৱা বছৰ প্ৰদীপ শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰি সমগ্ৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ নিষ্ঠাবান অভিনেতা,নাট্যকাৰ,সমাজসেৱক, বহু সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ বেবেজীয়াৰ লগতে নগাঁৱতো শোকৰ ছাঁ পৰিছে ৷ ইপিনে মংগলবাৰে প্ৰদীপ শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বাসগৃহত অসংখ্য গুণমুগ্ধ তথা অনুষ্ঠান- প্ৰতিষ্ঠানৰ প্ৰতিনিধি সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পাছত এক শোকাকুল পৰিৱেশত দুপৰীয়া অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । বিশেষকৈ শৰ্মাৰ
মৃত্যুত বেবেজীয়াৰ বহু অনুষ্ঠানৰ এক অপূৰণীয় ক্ষতি হল ৷ দৰাচলতে বেবেজীয়াৰ বহু সাংস্কৃতিক- সামাজিক অনুষ্ঠানে এজন অভিভাৱক হেৰুৱালে বুলি তেওঁৰ লগত জড়িত বহুলোকে মন্তব্য প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত পত্নীৰ উপৰি এগৰাকী বিবাহিত জীয়ৰী-জোঁৱাই,পুত্ৰ সহ চাৰিজন ভাতৃ, তিনিগৰাকী ভাইবোৱাৰী,দুগৰাকী ভগ্নীসহ আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ৷ প্ৰদীপ শৰ্মাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা,সংগ্ৰামী নেতা দেৱ কুমাৰ বৰা,নগাওঁ জিলা সাংস্কৃতিক উন্নয়ণ বিষয়া মুনিন্দ্ৰ গোস্বামী, বিশিষ্ট শিক্ষাবিদ যাদৱ বৰা,বহু ব্যক্তি তথা অনুষ্ঠান- প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: