Site icon Guwahati Times

শীৰ্ষ আৰক্ষী বিষয়াৰ বাহনত খুন্দা মাৰি বিপদত অভিনেত্ৰী ডিম্পল হায়াথী

এগৰাকী মোহময়ী অভিনেত্ৰীৰ বিৰুদ্ধে এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ চৰকাৰী বাহনত খুন্দা মাৰি ক্ষতিসাধন কৰাৰ অভিযোগ উত্থাপন হৈছে। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মংগলবাৰে দক্ষিণ এগৰাকী মোহময়ী অভিনেত্ৰী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে এগৰাকী আই পি এছ বিষয়াৰ বাহনত খুন্দা মৰা অভিযোগত গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি অভিনেত্ৰী ডিম্পল হায়াথী তেওঁৰ বন্ধুগৰাকীৰ সৈতে তেওঁলোকে বাস কৰা হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ চেলাৰত ৰখাই থোৱা আৰক্ষী উপ আয়ুক্ত (ট্ৰেফিক-I) ৰাহুল হেগড়েগৰ চৰকাৰী বাহনখনত ইচ্ছাকৃতভাৱে খুন্দা মাৰি ক্ষতিগ্ৰস্ত কৰে।

এই ঘটনাৰ পিছতে আৰক্ষী বিষয়াজনৰ চালকজনে এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ১৭ মে’ত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১ (অন্যায়ভাৱে প্ৰতিবন্ধকতা সৃষ্টি), ৩৫৩ (ৰাজহুৱা কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিবলৈ আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ২৭৯ (ৰাছ ড্ৰাইভিং) অধীনত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

চালকজনৰ মতে তেওঁলোকে নিয়মিতভাৱে এপাৰ্টমেণ্টৰ চেলাৰৰ নিৰ্ধাৰিত পাৰ্কিং স্থানত গাড়ীখন ৰখাইছিল আৰু অভিনেত্ৰীগৰাকী আৰু তেওঁৰ বন্ধুৱে সঘনাই তেওঁলোকক বাটত বাধা প্ৰদান কৰি আহিছিল। 

জুবিলী হিলছ থানাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, ১৪ মে’ত তেওঁলোকে নিজৰ বাহনখন ওলোটাকৈ লৈ যোৱাৰ সময়ত ইচ্ছাকৃতভাৱে আৰক্ষী গাড়ীখনত খুন্দা মাৰি ক্ষতিসাধন কৰিছিল।

Exit mobile version