ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া ভয়ংকৰ বনজুই । দেশজুৰি বিয়পি পৰা এই বনজুইত ৩৪ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হয়। ইয়াৰ উপৰিও বনজুইৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই অগ্নিকাণ্ডত বহু পৰিমাণে বনাঞ্চল, শস্য আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় ৮ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে বুলিও কৰ্তৃপক্ষই জনাইছে। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ বিভাগীয় তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই। বিবিচিৰ বাতৰি মতে, ফেনাইয়া, বেজাইয়া, জাবৰবাৰা আৰু বুইৰাত ২৬ জন লোক আহত হোৱাৰ লগতে ১৫০০ লোকক ঘৰৰ পৰা উলিয়াই অনা হৈছে।
ভয়ংকৰ বনজুই! উত্তৰ আফ্ৰিকাৰ আলজেৰিয়া ভয়ংকৰ বনজুই

