হাইমাদ্ৰাছাত প্ৰথম স্থানত উজ্বলিল পাচলি বিক্ৰী কৰা পিতৃৰ সন্তান

1 min read

বৰপেটা, ৬ জুন: আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থানত উজলিল ৰাজ্যৰ 42 গৰাকী কৃতি ছাত্ৰ ছাত্ৰী ৷ আনহাতে হাই মাদ্ৰাছাৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে বৰপেটা জিলাৰ ধাকুৱা হাই মাদ্ৰাছাৰ ইয়ামিন আলীয়ে ৷ ঠেলা চলাই পাচলি বিক্ৰী কৰা পৰিয়ালৰ সন্তানৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈছে সমগ্ৰ বৰপেটা জিলাবাসী ৷

উল্লেখ্য যে,বৰপেটা জিলাৰ কাঁহিবাৰী গাঁৱৰ কৰিম আলীৰ পুত্ৰ ইয়ামীন আলীৰ ঘৰুৱা অৱস্থা অতি দুৰ্দশাগ্ৰস্ত ৷ পিতৃয়ে ঘৰে ঘৰে পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে ৷ ঘৰত নাই বিদ্যুতৰ ব্যৱস্থা ৷ লেম্প,চাকিৰ পোহৰ অতি কষ্টৰে পঢ়া শুনা কৰি ইয়ামিনে উজলালে পৰিয়ালৰ লগতে বৰপেটাৰ নাম ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ ইচ্ছা ইয়ামিনৰ ৷ তাৰবাবে ৰাইজৰ লগতে চৰকাৰৰ পৰা সহায়ৰ আশা কৰিছে পৰিয়ালটোৱে ৷

You May Also Like

More From Author