Site icon Guwahati Times

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী

কাইলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ৰাজ্যত আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। পৰীক্ষাত মুঠ ৩,৪২,৮৬৯গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

ইয়াৰে কলা শাখাৰ সবাতোকৈ অধিক পৰীক্ষাৰ্থী ২,৭২,৫২৯ গৰাকীৰ লগতে ৪৭,৪৮৫গৰাকী বিজ্ঞান শাখাত, ২০,৯০৭ গৰাকী বাণিজ্য শাখাত আৰু বৃত্তিমূলক শাখাত ১,৯৪৮গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

ৰাজ্যৰ মুঠ ৮৫৬টা কেন্দ্ৰত অনুষ্ঠিতব্য পৰীক্ষাক কেন্দ্ৰ কৰি জিলা প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী তথা শিক্ষা বিষয়াসকলে সম্পূৰ্ণৰূপে সাজু হৈছে। ইপিনে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে।

মন্ত্ৰীগৰাকীয়ে সুকলমে পৰীক্ষা অনুষ্ঠিক হোৱাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলক শৃংখলাবদ্ধভাৱে পৰীক্ষাত বহাৰ বাবে আহ্বান জনোৱাৰ লগতে দায়িত্ববাহী কৰ্তৃপক্ষকো সুপৰিচালনাৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনায়।

Exit mobile version