দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে এ আই ইউ ডি এফে নিলম্বিত কৰিলে নুৰুল আমিন চৌধুৰী আৰু মতিউৰ ৰহমানক

0 min read

দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে নিলম্বিত কৰিলে নগাঁৱৰ দুই নেতাক।
মতিউৰ ৰহমান আৰু নুৰুল আমিন চৌধুৰীক নিলম্বন এ আই ইউ ডি এফৰ।

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ বটদ্ৰৱাৰ প্ৰাৰ্থী শিৱামনি বৰা আৰু ৰূপহীহাটত প্ৰাৰ্থী নুৰুল হুদাৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্ধন্দিতাত নামিছে মতিউৰ আৰু নুৰুল আমিন চৌধুৰী।
এ আই ইউ ডি এফে সমষ্টি দুখন কংগ্ৰেছক এৰি দিয়াৰ বাবে বিদ্ৰোহ ঘোষণা কৰিছে মতিউৰ আৰু চৌধুৰীয়ে।

নিশাটোৰ ভিতৰত মতিউৰ আৰু চৌধুৰীয়ে এ আই ইউ ডি এফৰ সমান্তৰাল ভাৱে গঠন কৰিছিল এ ইউ ডি এফ নামৰ তথাকথিত ৰাজনৈতিক দল।
সমান্তৰাল দল গঠন কৰি মতিউৰ আৰু চৌধুৰীয়ে মহাজোঁটৰ সমৰ্থকক বিভ্ৰান্ত কৰাৰ অভিযোগ।

You May Also Like

More From Author