Guwahati Times

AJPৰ নেতাই দুদিন পিছত বিজেপিতে যোগদান কৰিব : হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় জনতা পার্টীৰ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ সম্পৰ্কে বহু বিদ্ৰূপ ভৰা মন্তব্য কৰে ৷ হিমন্ত বিশ্ব শর্মাই কয় – ‘এওঁলোক ইমান দিনে গুৱাহাটীত বহি আছিল৷ সাংবাদিক মেল কৰি থকা কামটো আটাইতকৈ সহজ কাম, এতিয়া ৰাইজৰ মাজত যাওক, শিকক বুজক৷ তেওঁলোকক ৰাজনীতি কৰিব দিয়ক, বুথ কমিটি গঠন কৰিবলৈ দিয়ক । কাৰণ এই মানুহবোৰ এটা সময়ত আকৌ ঘূৰিপকি বিজেপিতে যোগদান কৰিব ৷

মানুহবোৰ বেয়া নহয়, অসমক ভাল পাই কিবা এটা কৰিছে কিন্তু বুজি পাব যে সমালোচনা কৰিলে সব নহয় আৰু দুদিন পিছত দেখিব এজন এজনকৈ আকৌ বিজেপিত যোগদান কৰি থাকিব লাহে লাহে।’

অসম জাতীয় পৰিষদ নাম সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাই সকলোকে নামৰ ওপৰত বিতর্ক নকৰিবলৈ আহ্বান জনাই মন্তব্য কৰে – ‘ বিনয় কুমাৰ তামুলীয়ে দল এটা খুলিছিল। সৰু ল’ৰা, দল এটা খুলিছে। এইবোৰ বাদ দিয়ক, ধৰি থাকিব নালাগে। এতিয়া যিহেতু প্ৰতিযোগিতাত আহিলে যেতিয়া ধাম ধুম প্ৰতিযোগিতা কৰিব লাগে ।’

নিৰ্বাচনত অসম জাতীয় পৰিষদে কিমানখন আসন পাব এই সম্পৰ্কে মন্ত্ৰীজনে কয়- ‘শূন্য নহয় , শূন্য স্কুৱাৰ পাব ৷ মোৰ কথা হ’ল নিৰ্বাচন খেলক, আমিও খেলোঁ, ৭০০ৰ পৰা ১৫০০ ভোট পাব তেতিয়া আপোনালোকে কেৱল মোক নক’ব ই ভি এম’ত যাদু কৰিছোঁ বুলি ।’

সাংবাদিকে এই নতুন দলক কিমান গ’ল দিব এই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে কয় – ‘এইটো দলক গ’ল দিবৰ প্ৰয়োজন নাই । এইটো দলত বসন্ত ডেকা ডাঙৰীয়া আছে। তেওঁ আগতেও নতুন অসম গণ পৰিষদ কৰিছে । জগদীশ ভূঞা ডাঙৰীয়া আছিল ,তেওঁ কিমান কি কৰিছে, কিমান ভোট পাইছে এই কথা আপুনি জানে । এতিয়া যি দুজন নতুন ল’ৰা আহিছে তেওঁলোকে ইমান দিনে আন্দোলন – ৰাজনীতি একে বুলি ভাবি আছিলে, এতিয়া বুজি পাব ৰাজনীতি সাধনাৰ ফল । মানুহৰ সংজ্ঞা এপ্ৰিলত সকলোৱে বুজি উঠিব । ৰাইজক যেতিয়া কোনোবাই ক’ব নাজানোঁ, নুবুজোঁ, নুশুনোঁ তেতিয়া মানুহে ক’ব ভোট নিদিওঁ ।’

আৰোগ্য নিধিৰ সম্পৰ্কে হোৱা বিতৰ্কৰ ওপৰত মন্তব্য দি মন্ত্ৰীজনে কয় –’চান্দা আৰু ৰাজনৈতিক চান্দাৰ মাজত পাৰ্থক্য নুবুজা মানুহৰ লগত তৰ্ক কৰি লাভ নাই । আজি ৰচিদ বহীৰ হিচাপবোৰ ওলাবনে নাই? কিমান ৰচিদ বহী ছপা হ’ল । এইবোৰৰ হিচাপ আছেনে নাই ? আগতে আমি উত্তৰ দিয়া নাছিলোঁ । কিন্তু এতিয়া আমি একেখন পথাৰত আহিছোঁ যেতিয়া উত্তৰ দিম । বিধান সভাত হিচাপ লৈছে। ১০০টকা মই তুলিছোঁ, এতিয়া সুত লাভ কৰি ১০১ টকা হ’ল তেতিয়া তেওঁলোকে লাজ হে পাব ।’

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সম্পৰ্কে মন্তব্য কৰি হিমন্ত বিশ্ব শর্মাই নিজকে ডেঞ্জাৰাছ মানুহ বুলি মন্তব্য কৰি কয়- আমি থকালৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ চৰকাৰ নহয় ৷ আমি থকালৈকে তাক সম্ভৱ হব নিদিওঁ । মোক আউট কৰাবলৈ চেষ্টা বহুতে কৰিলে । মই নিজে আউট নোহোৱালৈ মোক কোনো আউট কৰিব নোৱাৰে । মই বহুত ডেঞ্জাৰ মানুহ।’

DAINIK JANAMBHUMI

Exit mobile version