Site icon Guwahati Times

আজাদি কা অমৃত মহোৎসৱত বিনীতা দেৱীৰ পুতলা নাট “বিষ্ণু ৰাভা”

গুৱাহাটী ২৩ জানুৱাৰী ২০২৩:- চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আজাদি কা অমৃত মহোৎসৱ অনুষ্ঠিত হৈ যায়।

আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি সাংস্কৃতিক সন্ধিয়াত আটাইকেদিনে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “বিষ্ণু ৰাভা” আৰু মহাত্মা গান্ধীৰ শিশু কালৰ ওপৰত ৰচিত পুতলা নাট “প্রায়শ্চিত্ত” পৰিৱেশিত হয়। পুতলা নাট “বিষ্ণু ৰাভা” ৰচনা সীমান্ত শৰ্মা আৰু পুতলা নাট “প্রায়শ্চিত্ত” ৰ ৰচনা বিনীতা দেৱীৰ।

পুতলা নাট কেইখনৰ পুতলা সমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, কৰিশ্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, অনিতা দেৱী, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা আৰু গণেশ বড়ো। পুতলা নাট দুখনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ হাৰ্দিক শৰ্মা, স্বপন দাস, নিহৰেন্দ্ৰ শৰ্মা, বিনীতা দেৱী, অদিষ্ণা ৰাজবংশী। “বিষ্ণু ৰাভা” নাট খনৰ সংগীত অভিজিৎ বৰ্মন আৰু “প্রায়শ্চিত্ত” নাট খনৰ সংগীত পাপু গোহাঁই।

নাট দুইখনে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰে। ইতিমধ্যে এই নাট দুখন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহৰ জৰিয়তে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি প্ৰসংশা লাভ কৰিছে।

Exit mobile version