অসমীয়া ইতিহাস বিকৃত ভাৱে দাঙি ধৰা মুখ্যমন্ত্ৰীক বিধায়ক অখিল গগৈৰ প্ৰত্যুত্তৰ, পঢ়ক

1 min read

 

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰথমখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস বিকৃতকৰণ ৰাজনীতিক তীক্ষ্ণ সমালোচনাৰ লগতে আচল সত্য তথ্যৰ ৰাজহুৱা।বিধায়কৰ কাম বিধানসভাত আইন প্ৰণয়ন কৰা।কেৱল বিধানসভাতহে তেওঁৰ কাম।বিধায়কে উপায়ুক্তক নিৰ্দেশ, এছ.পি, চক্ৰ বিষয়াৰ পৰা কামৰ খতিয়ান ল’ব নোৱাৰে।সেই কাম মন্ত্ৰী সকলেহে কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তৱ্যক উভতি ধৰি গগৈয়ে কয় -বিধায়ক এগৰাকীৰ কাম কেৱল আইন প্ৰণয়ন কৰাত নহয়।মুখ্যমন্ত্ৰী-মন্ত্ৰীসকলে কৰা কাম কাজ নিয়ন্ত্ৰণ কৰিবলৈ কাৰ্য পালিকা ক্ষমতা আছে।

উচ্চতম ন্যায়ালয় ২০১৭ লোক প্ৰহৰীৰ বিৰুদ্ধে উত্তৰ-প্ৰদেশ ৰায় উদ্ধৃতি দি গগৈয়ে কয়- নিৰ্বাচিত বিধায়কৰ গণতন্ত্ৰত এটা ব্যাপক ভূমিকা আছে।সমষ্টিৰ লগত এৰাব নোৱাৰা সম্পৰ্ক আছে।সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়কৰ ভূমিকা আছে।

ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচী ২৪৬নং অনুচ্ছেদৰ ৰাজ্যিক আৰু তাৰ সমৱৰ্তী অনুসূচীত বিধায়কৰ ক্ষমতা আছে।অসমৰ মুখ্যমন্ত্ৰীয়ে  প্ৰতিষ্ঠিত আইন, উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে গৈছে।তেওঁ কোন আইনত বিধায়কৰ ক্ষমতা নাই বুলি পালে তাৰ নাম ক’ব লাগে।আইনৰ দফা উল্লেখ কৰিব নোৱাৰিলে ৰাজহুৱা ক্ষমা খোজাৰ প্ৰত্যাহ্বান জনায় গগৈয়ে।

অসম বিধায়সভাৰ বিধায়কসকলে মুখ্যমন্ত্ৰী মন্তৱ্যক বিৰোধিতা কৰাৰ আহ্বান জনায় অখিলে।বাজেট অধিৱেশনত মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰি বিষয়টো উত্থাপন কৰিব বুলিও সংবাদমেলত জানিব দিয়ে।

বিধায়ক গৰাকীৰ জিলাৰ ভূমি উপদেষ্টা সমিতি, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিৰীক্ষণ সমিতি, বিদ্যুৎ বিভাগ মাণ্ডলীক সমিতি, সমাজ কল্যাণ বিভাগ, গাঁও পঞ্চায়ত-আঞ্চলিক পঞ্চায়ত সমিতি আদিত বিধায়কৰ দায়িত্ব থকাৰ কথা উল্লেখ কৰে গগৈয়ে।

অসম চৰকাৰে বে-আইনী ভাৱে প্ৰতিখন জিলাত অভিভাৱক মন্ত্ৰী নিযুক্তি দিছে।অভিভাৱক মন্ত্ৰীৰ কথা সংবিধানৰ কোন অনুচ্ছেদত আছে মুখ্যমন্ত্ৰীয়ে অৱগত কৰিব লাগে।অভিভাৱক মন্ত্ৰীৰ নিযুক্তি গণতন্ত্ৰৰ পৰিপন্থী।বিধায়কৰ ভূমিকা কৰ্তন কৰি, গণতন্ত্ৰক বিপদত পেলাই গণতন্ত্ৰৰ উচন কৰি একনায়কত্ববাদী শাসন প্ৰতিষ্ঠাৰ বাবেহে অভিভাৱক মন্ত্ৰী নিয়োগ কৰা হৈছে।অভিভাৱক মন্ত্ৰীৰ দায়িত্ব-কৰ্তব্য মুখ্যমন্ত্ৰীক ৰাজহুৱা কৰাৰ দাবী জনায় অখিলে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পাছত অভিযুক্তক গুলীয়াই দিয়া ব্যৱস্থা আৰম্ভ হৈছে।দোষী বিচাৰ নকৰাকৈ শাস্তি প্ৰদান কৰা হৈছে।গণতন্ত্ৰৰ বিৰোধী ফেচিবাদী কাম আৰম্ভ হৈছে।অসমত গণতন্ত্ৰৰ শেষ হৈ পুলিচ ৰাজ্যত পৰিণত হ’ব ।মুখ্যমন্ত্ৰীয়ে আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়াৰ বৈঠকত অভিযুক্তক গুলীয়াই দিব লাগে বুলি কোৱাটো নতুন ৰূপৰ ফেচিবাদৰ উকমুকনি বুলিও অভিহিত কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে।অভিযুক্তক ৰেহাই দিব নালাগে।আৰক্ষীয়ে তদন্তৰ জৰিয়তে ন্যায়ালয়ত বিচাৰ কৰক।যদি ডাঙৰ অপৰাধী ফাঁচী পৰ্যন্ত দিয়ক।কিন্তু তাকে নকৰি এগৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগে লগে অপৰাধী হয় নে নহয় বিচাৰ নকৰাকৈ গুলীয়াই দিয়াটো সমৰ্থন কৰিব নোৱাৰি বুলি তেওঁ কয়।

আনহাতে, দুদিন পূৰ্বে অসমীয়া জাতি ইতিহাস বিকৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শ্যামাপ্ৰসাদ মুখাৰ্জীৰ সমৰ্থনত কৰা মন্তব্য উভতি ধৰি গগৈয়ে কয়- অসম বুৰঞ্জীৰ প্ৰায় সমূহ কিতাপ পঢ়িছোঁ।কিন্তু কোনো এখন বুৰঞ্জীত পোৱা নাই গ্ৰুপিংৰ পৰা শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসম খনক বচালে বুলি।অসমৰ পুৰণি ইতিহাস বিকৃত কৰি সাম্প্ৰদায়িক ইতিহাস ৰচনা কৰিবলৈ বিচৰা হৈছে বুলিও গগৈয়ে কয়।

মুখ্যমন্ত্ৰীয়ে অসমৰ বুৰঞ্জী নাজানে ।ভাৰতীয় সংবিধান অধ্যয়ন কৰা নাই বুলি কটাক্ষ কৰে অখিলে।

অসমীয়াক ভাষা ৰক্ষাত লক্ষ্মীনাথ বেজবৰুৱাৰ সমানেই শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদান থকা বুলি শৰ্মাই কৰা মন্তব্যৰ  প্ৰত্যুত্তৰত শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়- লক্ষ্মীনাথ বেজবৰুৱা ক’ত আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী ক’ত।বেজবৰুৱাই অসমীয়া ভাষা আধুনিক ৰূপ দিছে আৰু তাৰ বৈজ্ঞানিক কামসমূহ কৰিছিল ডঃ বাণীকান্ত কাকতিয়ে।শোণিত কুমাৰ চট্টোপধ্যায়ে সহায় কৰিছিল ।হিন্দুত্ববাদী শ্যামাপ্ৰসাদ মুখাৰ্জী কেতিয়া কেনেকৈ আহিল বুলিও প্ৰশ্ন কৰে গগৈয়ে।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্ৰথম শ্যামা প্ৰসাদ মুখাৰ্জীয়ে স্বীকৃতি প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যত প্ৰকৃত সত্য অখিলে কয়- স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰমত অসমীয়া ভাষা স্বীকৃতিৰ ভিতৰত অৱদান আছিল বিশ্ববিদ্যালয় খনৰ সেই সময়ৰ উপাচাৰ্য ,তেওঁ শ্যামাপ্ৰসাদৰ পিতৃ।বিশ্ববিদ্যালয় খনত মেট্ৰিকুলেচনত অসমীয়াৰ ভাষা তাৰ পূৰ্বৰ পৰা চলি আছিল।শ্যামাপ্ৰসাদ মুখাৰ্জী নালাগে তেওঁৰ দেউতাকেও প্ৰতিষ্ঠা কৰা নাছিল অসমীয়া ভাষা।

কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ প্ৰথম অধ্যাপক আছিল অম্বিকা নাথ বৰা।সত্যনাথ বৰাৰ পুত্ৰ আৰু জ্ঞাননাথ বৰাৰ ভাতৃ।ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা নহয়- স্পষ্ট  কৰি দিয়ে অখিলে।শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল ১৯৩৪-৩৮চনত।কিন্তু তাৰ পূৰ্বে ১৯০৫ চনৰ পৰা বিশ্ববিদ্যালয়খনত অসমীয়া ভাষা প্ৰচলন থকা বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে মিছা কথাৰে অসমীয়া জাতিৰ ইতিহাস বিকৃত কৰিছে।জাতিক বিপথে পৰিচালিত কৰাৰ বাবে অভিসন্ধি ৰচনা কৰিছে।ভয়ংকৰ মুখ্যমন্ত্ৰীৰ পৰা অসমীয়া জাতিক সাৱধানে থকাৰ আহ্বান জনায় গগৈয়ে।

You May Also Like

More From Author