Site icon Guwahati Times

মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত ঘোৰ টোপনিত বিধায়ক অখিল গগৈ

 আজি মুখ্যমন্ত্রীয়ে বিধানসভাত ভাষণ দি থকাৰ মূহুৰ্তত কেমেৰাত বন্দি হ’ল টোপনিত লালকাল অৱস্থাত বিধায়ক অখিল গগৈ।

চলিত বিধানসভাত প্ৰতিটো বিষয়তে সদায়ে সক্ৰিয় হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আজি ঘোৰ টোপনিত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সন্দৰ্ভত সদনত ভাষণ প্ৰদান কৰিছিল। কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভাষণ শুনাৰ বিপৰীতে শীত-তাপ নিয়ন্ত্ৰিত বিধানসভাত নিজৰ আসনতে টোপনিত লালকাল হৈ পৰে শিৱসাগৰীয়া বিধায়কজন।

উল্লেখ্য যে পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশন যোৱা ১২ জুলাইত আৰম্ভ হৈ আজি ১৩ আগষ্টত অন্ত পৰিব। অধিৱেশনৰ অন্তিম দিন ১৩ আগষ্টত চৰকাৰী বিধেয়কসমূহ বিবেচনা, পাৰিতকৰণ আৰু অন্যান্য অসমাপ্ত চৰকাৰী কার্যসূচীৰ পাছত অধ্যক্ষই অনির্দিষ্টকালৰ বাবে স্থগিত ঘোষণা কৰাৰ লগে লগে এই বাজেট অধিৱেশনৰ অন্ত পৰিব৷

Exit mobile version