Site icon Guwahati Times

বিলাসীপাৰাত সদৌ অসম কোঁচ ৰাজবংশী ছাত্র সন্হাৰ অৱস্হান ধৰ্মঘট

বিলাসীপাৰাত আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই তিনি  ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।  পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সংগঠনটোৱে বিলাসীপাৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

সদৌ পূৱ ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সদৌ পূৱ ধুবুৰী কোচ ৰাজবংশী মহিলা সমিতিৰ যৌথ উদ্যোগত  প্ৰতিবাদ সাব্যস্ত হয়। জনগোষ্ঠীটোৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চূড়ান্ত ভাৱে প্ৰতাৰণা কৰাৰ  অভিযোগ তুলি প্ৰতিবাদী সকলে  অসম চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, এছ টি আমাক লাগিবই, হিমন্ত বিশ্ব প্ৰতাৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়ে। চৰকাৰে অতি শীঘ্ৰে সংগঠনটোৰ দাবী সমূহ মানি নললে হাতত অস্ত্ৰ তুলি লোৱাৰ হুঙ্কাৰ প্ৰদান কৰে সংগঠনটোৱে।

Exit mobile version