Site icon Guwahati Times

শীঘ্ৰেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!

অতি সোনকালেই কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে টুইটযোগে কাজিৰঙা কৰ্তৃপক্ষই আমন্ত্ৰণ জনাইছিল অক্ষয় কুমাৰক।এই আমন্ত্ৰণৰ সহাঁৰি জনাইছে অক্ষয় কুমাৰে।অতি সোনকালেই কাজিৰঙালৈ আহিব বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকী।বিগত সময়ছোৱাত অভিনেতা অক্ষয় কুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে ১ কোটি টকা সাহায্য দিছিল। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয় কুমাৰে দিছিল এই ধন।হাইলেণ্ড নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই কাজিৰঙা উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে টুইটযোগে আমন্ত্ৰণ জনাই অক্ষয় কুমাৰক।

Exit mobile version