Site icon Guwahati Times

পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

দ্বিতীয় বাৰৰ বাবে অন্ত:সত্ত্বা আলিয়া ভট্ট ! কন্যা ৰাহাৰ মাত্ৰ তিনি মাহ। ইয়াৰ মাজতে, মায়ানাগৰীত পুনৰ চৰ্চালৈ আহিছে নতুন জল্পনা-কল্পনা ।

শুনা গৈছে যে পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া । আলিয়াক অলপতে স্বামী ৰণবীৰ কাপুৰৰ স’তে মুম্বাইৰ এটা অনুষ্ঠানত দেখা গৈছিল।

মাতৃ হোৱাৰ পাছত এইটো আলিয়াৰ প্ৰথম অনুষ্ঠান । কিছুদিন আগতে, অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্ৰেণ্ডৰ কাপোৰৰ বাবে ফটোশ্বুট কৰে । তেতিয়াৰ পৰাই জল্পনা কল্পনা আৰম্ভ হৈছে । দ্বিতীয়বাৰৰ বাবে ভাল খবৰ দিবলৈ ওলাইছে নেকি আলিয়াই !

যোৱা বছৰৰ ১৪ এপ্ৰিলত, অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ কাপুৰৰ স’তে বিবাহ পাশত আৱদ্ধ হয় । তাৰ পাছত জুন মাহত খবৰ পোৱা গৈছিল যে তেওঁ মাতৃ হ’বলৈ ওলাইছে ।

আলিয়াই নৱেম্বৰৰ প্ৰথম সপ্তাহত এটা কন্যা সন্তান জন্ম দিয়ে । অৱশ্যে, তেওঁলোকে এতিয়ালৈকে নিজৰ কন্যাৰ ছবি প্ৰকাশ কৰা নাই। তেওঁ ফটোগ্ৰাফাৰসকলক তেওঁলোকৰ ছোৱালীৰ দুবছৰ বয়সলৈকে ফটো নল’বলৈ আহ্বান জনাই।

ইয়াৰ মাজতে, আলিয়া গৰ্ভৱতী হোৱাৰ উৰা বাতৰি সম্পূৰ্ণ ভিত্তিহীন বুলি জনাইছে কাপুৰৰ ঘনিষ্ঠ কিছু লোকে ।অৱশ্যে, আলিয়া আৰু ৰণবীৰে এতিয়াও এই বিষয়ে মুকলিকৈ মুখ খোলা নাই ।

Exit mobile version