Site icon Guwahati Times

নগাঁৱত ২২-২৩জুলাইত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ– ২০২২ৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,১৪জুলাই:–অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত অহা ২২ আৰু ২৩ জুলাইত নগাঁও চহৰত সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপ-২০২২ অনুষ্ঠিত হ’ব ।

৪৪ সংখ্যক চেম্পিয়নশ্বিপখনি সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক সভাপতি,অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মাক কাৰ্যকৰী সভাপতি আৰু সাংবাদিক ভাস্কৰ জ্যোতি মেধিক সাধাৰণ সম্পাদক ৰূপে লৈ এখনি ৩১জনীয়া অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে ।

অসম পাঞ্জা সংস্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক মাধূৰ্য কুমাৰ ডেকাই জনোৱা মতে চেম্পিয়নশ্বিপখনি নগাঁও জিলা পুথিভঁৰালৰ শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ চাৰি শতাধিক পাঞ্জা খেলুৱৈয়ে যোগদান কৰিব ।

উল্লেখ্য যে এই চেম্পিয়নশ্বিপত বিজয়ী প্ৰতিযোগীসকলে অহা ১৮ আগষ্টৰ পৰা ২২ আগষ্টলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’বলগীয়া সৰ্বভাৰতীয় চেম্পিয়নশ্বিপত অসম দলৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব । বিভিন্ন জিলা পৰা আহি যোগদান কৰিবলগীয়া পাঞ্জা খেলুৱৈসকলক আদৰিবলৈ যাৱতীয় প্ৰস্তুতি চলাইছে বুলি অভ্যৰ্থনা সমিতিৰ সভাপতি কনক হাজৰিকা আৰু সাধাৰণ সম্পাদক ভাস্কৰ জোতি মেধিয়ে প্ৰকাশ কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Exit mobile version