Guwahati Times

এইবাৰ চাকৰিৰ দালালিত নামিল ডিব্ৰুগড়ৰ AMCHৰ ডাক্তৰ!

গুৱাহাটীঃ অসম মেডিকেল কলেজৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে উঠা অভিযোগ মতে, তেওঁ ৰে’লৱেত চাকৰি দিয়াৰ নামত ৩যুৱকৰ পৰা প্ৰায় ২২ লাখ টকা লৈছিল।

এই অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী দিলীপ সেন গুপ্তাই। আৰ টি আই কৰ্মীগৰাকীয়ে অভিযোগ কৰা মতে, মন্ত্ৰী তথা ৰাজনৈতিক নেতাৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰে জ্যেষ্ঠ চিকিৎসকগৰাকীয়ে।

এই সন্দৰ্ভত সাংবাদিকৰ আগত এগৰাকী ভুক্তভোগী লোকে কয়- ‘ডাঃ অজন্তা হাজৰিকাৰ গাড়ীৰ ড্ৰাইভাৰ এজন মোৰ ঘৰত ভাড়া আছিল, তেওঁ মোৰ ল’ৰাটোক বেকাৰ বহি থকাৰ সলনি চাকৰি লোৱাৰ বাবে কয় আৰু এইক্ষেত্ৰত বাইডেউৰে আমাক যোগাযোগ কৰাই দিয়ে। আমি তেওঁৰ ঘৰলৈ যাওঁতে ৬ লাখ টকা লাগিব বুলি কয়। সেই মতে আমি ৩ লাখ টকা তেওঁক কেছ দিয়াৰ লগতে গুৱাহাটীৰ ৰাজীৱ পাছুলাল নামৰ লোকগৰাকীৰ একাউণ্টত ৩ লাখ টকা দিওঁ। কিন্তু আজি ৪ বছৰে চাকৰি নহ’ল।’

আনহাতে লোকগৰাকীয়ে অভিযোগ কৰা মতে, আন দুজন লোকৰ পৰাও ক্ৰমে ৭ লাখ আৰু ৮.৫০ লাখ টকা লৈছে। এই সন্দৰ্ভত এক অডিঅ’ ক্লিপো ইতিমধ্যে ভাইৰেল হৈ পৰিছে, য’ত ঘোচ দিয়া এগৰাকী পুৰুষ আৰু ঘোচ লোৱা এগৰাকী মহিলাৰ কণ্ঠস্বৰ শুনা গৈছে। কথোপথনত স্পষ্ট হৈছে ধন লেনদেনৰ বিষয়টো।

অৱশ্যে এইক্ষেত্ৰত জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাই ধন লোৱাৰ অভিযোগ নাকচ কৰিছে। তেওঁ এইক্ষেত্ৰত কোনো প্ৰকাৰে জড়িত নহয় বুলি উল্লেখ কৰিছে।

 

Source: Newslive

Exit mobile version