Site icon Guwahati Times

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। বানপীড়িতসকলক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে বলীউডৰ কেইবাগৰকীও তাৰকাৰ লগতে দেশৰ উদ্যোগপতিয়ে। ইয়াৰ মাজতে শুকুৰবাৰে বান বিধ্বস্ত অসমৰ এই বিপদকালত সহায়ৰ হাত আগবঢ়াইছে আম্বানী পৰিয়ালে।

শুকুৰবাৰে দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ অনুদান আগবঢ়াইছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰি আম্বানী পৰিয়ালক ধন্যবাদ জনাইছে।

মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে- “আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা প্ৰদান কৰি অসমৰ বন্যাৰ্তৰ কাষত থিয় দিয়া শ্ৰী মুকেশ আম্বানি & শ্ৰী অনন্ত আম্বানীলৈ মোৰ গভীৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সাহায্যই আমাৰ বান সাহায্য ব্যৱস্থা বৃদ্ধি কৰাত বহুখিনি সহায় কৰিব।”

Exit mobile version