Site icon Guwahati Times

বিশ্বৰ বুকুত জ্বিলিকিব বটদ্ৰৱা:অমিত শ্বাহে শুভাৰম্ভ কৰিব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প

:বিশ্বৰ বুকুত জ্বিলিকি উঠিব গুৰু জনাৰ জন্মস্থান।বটদ্ৰৱাত হ’ব বিশ্ব মানৰ সাংস্কৃতিক প্ৰকল্প।১৮৮ কোটি টকাৰে নিৰ্মাণ হ’ব সাংস্কৃতিক প্ৰকল্পটো।বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰিব কামৰ শুভাৰম্ভ।

গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল বটদ্ৰৱা।গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিব গুৰুজনাৰ জন্মস্থান।হমন্ত্ৰীয়ে বটদ্ৰৱা থানলৈ আহি বটদ্ৰৱা থানত সেৱা জনাব।অমিত শ্বাহৰ সৈতে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

উল্লেখযোগ্য যে,শ্ৰীমন্ত শংকৰ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থান খনিক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত হোৱা আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মাণ হ’ব লগীয়া বৃহৎ “বটদ্ৰৱা প্ৰকল্প” ভাগৰ নিৰ্মাণ কাৰ্য্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সত্ৰ কৃষ্টিৰ ঐতিহ্য আৰু পৰম্পৰাৰ আধাৰত ‘মঙ্গল সাধনা’ কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰিব।

Exit mobile version