বিটিআৰ চুক্তিৰ প্রথম বর্ষপূর্তি অনুষ্ঠানঃ অমিত শ্বাহক আদৰিবলৈ সাজু বডোফা নগৰ

0 min read

আজিৰ পৰা চাৰিদিনীয়া বর্ণিল কার্যসূচীৰে উদযাপন কৰা হ’ব বি টি আৰ চুক্তিৰ প্রথম বর্ষপূর্তি৷ বি টি আৰৰ সদৰ কোকৰাঝাৰত আৰম্ভ হৈ ওদালগুৰিত সামৰণি পৰিবলগীয়া উক্ত চাৰিদিনীয়া কার্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰিব ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে৷

ইতিমধ্যে বি টি আৰ প্রশাসনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক আদৰিবলৈ সকলো দিশৰ পৰাই সাজু কৰি তুলিছে কোকৰাঝাৰ চহৰৰ বডোফা নগৰৰ গ্রীন ফিল্ড৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্রমণৰ প্রাকমুহূর্তত কোকৰাঝাৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডৰ নিৰাপত্তা, প্রস্তুতিৰ অগ্রগতি সম্পর্কে বুজ ল’বলৈ আজি কোকৰাঝাৰত উপস্থিত হয় এডিজিপি এল আৰ বিষ্ণয়৷

উল্লেখনীয় যে বিগত বর্ষৰ ২৭ জানুৱাৰীত সম্পাদিত হোৱা তৃতীয় বডো শান্তি চুক্তিৰ প্রথম বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি কাইলৈ অর্থাৎ ২৪ জানুৱাৰীত বডোফা নগৰৰ গ্রীন ফিল্ডত এখন বিশাল জনসমাৱেশৰ আয়োজন কৰা হৈছে৷ জনসমাৱেশত উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ গৃহমন্ত্রীয়ে অংশগ্রহণ কৰিবলগীয়া সভাস্থলী আৰু নিৰাপত্তাসহ আন বিভিন্ন দিশ পর্যবেক্ষণ কৰে শীর্ষ আৰক্ষী বিষয়াজনে৷ এডিজিপি বিষ্ণয়ে কয় যে গৃহমন্ত্রীৰ আগমনৰ প্রতি লক্ষ্য ৰাখি হেলিপেডৰ পৰা আৰম্ভ কৰি নিৰাপত্তামূলক ব্যৱস্থা এই সকলো চোৱাচিতা কৰি থকা হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রীৰ কোকৰাঝাৰ ভ্রমণৰ বাবে সমগ্র এলেকাটো ২১টা ছেক্টৰত বিভক্ত কৰা হৈছে৷ চোকা নিৰীক্ষণৰ বাবে চাৰি শতাধিক চিচি টিভি স্থাপন কৰা হৈছে৷ সেইদৰে নিৰাপত্তাৰ বাবে প্রায় দুহেজাৰ নিৰাপত্তাৰক্ষী মোতায়েনৰ ব্যৱস্থা কৰা হৈছে৷

তদুপৰি ভি আই পি, ভি ভি আই পি আৰু সভালৈ অহা সাধাৰণ ৰাইজে যাতে কোনো ধৰণৰ সমস্যাত পৰিবলগীয়া নহয়, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ গৃহমন্ত্রীৰ জনসমাৱেশখনত তিনিৰ পৰা চাৰি লাখ পর্যন্ত দর্শক ৰাইজ উপস্থিত থাকিব বুলি ড০ বিষ্ণয়ে প্রকাশ কৰে৷

You May Also Like

More From Author