Site icon Guwahati Times

খং উঠি থকা শিশুটিক কিদৰে শান্ত কৰিব লাগে জানক….

শিশুসকলৰ মনটো অতি কোমল যদিও সৰু সৰু কথাতে তেওঁলোকে খুব বেছি খং আৰু অসন্তুষ্টি প্ৰকাশ কৰে।প্ৰকৃততে এয়া হৈছে শিশুৰ প্ৰকৃতি। তেওঁলোকে আৱেগ কেনেদৰে লুকুৱাব লাগে নাজানে।অধ্যয়নৰ চাপ, পিতৃ-মাতৃৰ প্ৰত্যাশা আদিও কেতিয়াবা শিশুৰ খঙৰ কাৰণ হৈ পৰে।যদি আপুনিও শিশুটোৰ খঙাল প্ৰকৃতিৰ বাবে বিৰক্ত হৈছে তেন্তে এই খং শান্ত কৰিবলৈ কিছুমান সহজ কৌশল গ্ৰহণ কৰিব পাৰে।আজি সেই বিষয়ে জানো আহক-

মিঠা খুৱাব

বৰকৈ খং উঠি থকা শিশু এটিক শান্ত কৰিবলৈ আপুনি মিঠা খুৱাব পাৰে।সেই সময়ত শিশুটোৰ প্ৰিয় যিকোনো চকলেট বা কেণ্ডি দিব পাৰে। এক গৱেষণা অনুসৰি, চেনীয়ে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনহাতে, এক নিৰ্দিষ্ট পৰিমাণৰ মিঠাই খালে মন শান্ত থাকে।

খঙৰ ফলত হোৱা ক্ষতিৰ বিষয়ে কওঁক

যদি আপোনাৰ শিশুটোৱে খঙত ঘৰত বস্তু নিক্ষেপ কৰে, তেন্তে খঙৰ ফলত হোৱা ক্ষতিৰ বিষয়ে সিহঁতক জনাওঁক। সিহঁতক বুজাই দিয়ক যে যদি তেওঁ খঙত পুতলা বা অন্যান্য বস্তু পেলাই দিয়ে, সেইবোৰ ভাঙি যাব, যি আৰু তেওঁ পুনৰাই নাপাব। তদুপৰি শিশুটোক খং নিয়ন্ত্ৰণ কৰাৰ বাবে এক অভ্যাস তৈয়াৰ কৰক। তেওঁলোকক বুজাই দিয়ক যে যদি অতিপাত খং উঠে , তেওঁলোকে দীঘলীয়া উশাহ ল’ব লাগে।ইয়াপ পাছত অলপ পানী খাই ১ৰ পৰা ১০লৈকে গণনা কৰিব লাগে। এনে কৰিলে তেওঁলোকৰ মন অতি সোনকালে শান্ত হ’ব।

মৰমৰে সাবটি লওঁক

শিশুসকল মনটো অতি কোমল।সেয়েহে, খং উঠি থকা শিশু এটিক যদি আপুনি মৰমৰে আলিঙ্গন কৰে, তেন্তে তেওঁৰ আৱেগ সলনি হ’ব মনটো ভাল হৈ উঠিব।তদুপৰি যদি আপোনাৰ শিশুটিয়ে খঙত কিবা পেলাই দিয়ে বা ভুল কৰে, তেনেহ’লে তেওঁলোকক সেই ভুলৰ বাবে ক্ষমা খোজাৰ অভ্যাস কৰক।

প্ৰিয় কাম কৰিবলৈ দিয়ক

শিশুৱে খং কৰিলে কাৰো কথা সোনকালে নুশুনে। এনে পৰিস্থিতিত আপুনি তেওঁলোকক তেওঁলোকৰ যিকোনো প্ৰিয় কাম কৰিবলৈ দিব। আপুনি তেওঁলোকক এখন ৰঙৰ কিতাপ দিব পাৰে। ৰঙে শিশুটোৰ মন শান্ত কৰিব।ইয়াৰ উপৰিও আপুনি শিশুটোক কিতাপ এখন পঢ়ি শুনাব পাৰে।এনে কৰিলেও তেওঁলোকৰ মন শান্ত হ’ব।

আৱেগ প্ৰকাশ কৰিবলৈ শিকাওঁক

শিশুৱে কাকো মুকলিকৈ মনৰ কথা ক’ব নোৱাৰিলেও তেওঁলোকে অতি খং কৰে। এনে পৰিস্থিতিত আপুনি তেওঁলোকক কথা তথা অনুভূতিবোৰ ভাগ বতৰা কৰিবলৈ শিকাবলৈ চেষ্টা কৰিব।শিশুৱে আপোনাক তেওঁলোকৰ মনৰ কথা মুকলিকৈ ক’ব পৰাকৈ ঘৰৰ পৰিৱেশ অলপ উন্নত কৰিবলৈ চেষ্টা কৰিব। বহুসময়ত পিতৃ-মাতৃয়ে শিশুৰ ওপৰত যথেষ্ট খং কৰে, যাৰ ফলত শিশুটোৰ খং আৰু অধিক বৃদ্ধি হয়। সেয়েহে, শিশুটোৰ মন বুজি লওঁক আৰু সেই অনুসৰি তেওঁলোকৰ সৈতে মোকাবিলা কৰক।

Exit mobile version