Site icon Guwahati Times

ভাৰতীয় দলৰ হৈ  আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ  গুৱাহাটীৰ অণিমা সোণোৱাল

গুৱাহাটী: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰিব গুৱাহাটীৰ অণিমা সোণোৱাল ।

অহা ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ মালয়েছিয়াৰ কুচিঙত অনুষ্ঠিত হ’বলগীয়া ২১ সংখ্যক এছিয়ান মাষ্টাৰ্ছ এথলীট মীট (২০১৯)ৰ বাবে ২৬৮ জনীয়া ভাৰতীয় দলৰ খেলুৱৈৰ লগত অন্তৰ্ভুক্ত হৈছে গুৱাহাটীৰ অণিমা সোণোৱাল।

অণিমা সোণোৱাল, ৮০ মিটাৰ হাৰ্ডাল আৰু প’লভল্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইয়াৰ পূৰ্বে ২০১২ বৰ্ষত টাইৱান, ২০১৫ চনত থাইলেণ্ড অ’পেন, ২০১৬ বৰ্ষত ছিংগাপুৰত,আৰু ২০১৭ চনত চীন দেশত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত ভাগ লৈ কেইবাটাও পদত সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে অসমৰ অণিমা ।

অণিমাই ২৯ নৱেম্বৰত নতুন দিল্লীৰ পৰা ভাৰতীয় দলৰ হৈতে মালয়েছিয়ালৈ ৰাওনা হব ।

Exit mobile version