তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক…

0 min read

ৰাজ্যত পুনৰ সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা । হাউলীৰ সমীপৰ তথা বাক্সা জিলাৰ কাউৰপাৰা গাঁৱত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণৰ ঘটনা ৷ তামোল বিচাৰি যোৱাৰ চলেৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ কাউৰপাৰা গাঁৱৰ ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, দুমাহ পূৰ্বে সংঘটিত হোৱা ঘটনাটো পোহৰলৈ আনে গাঁওখনৰ মহিলা সমিতিয়ে ৷ ঘটনাত পোহৰলৈ অহাৰ পাচতে তীব্ৰ চাঞ্চল্য সৃষ্টি হয় গাঁওখনৰ ৰাইজৰ মাজত ৷ ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে মহিলা সমিতিৰ সহযোগত শিমলাগুৰি আৰক্ষী চকীত এজেহাৰ দাখিল কৰে ৷

শিমলাগুৰী আৰক্ষীয়ে ধৰ্ষণৰ ঘটনাৰ লগত অভিযুক্ত ৰফিকুল ইছলাম আৰু কামাল আলী নামৰ দুয়োগৰাকী লোককে আটক কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ অভিযুক্ত ৰফিকুল ইছলামৰ ঘৰ উত্তৰ কালঝাৰ আৰু কামাল আলীৰ ঘৰ কাউৰপাৰাত বুলি জানিব পৰা গৈছে ৷

You May Also Like

More From Author