Site icon Guwahati Times

সাধাৰণ ৰোগত এণ্টিবায়টিক গ্ৰহণ নকৰিবলৈ পৰামৰ্শ আইচিএমআৰৰ

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ [আইচিএমআৰ]-এ দেশবাসীক সাধাৰণ জ্বৰ বা ভাইৰেলৰ দৰে ৰোগত এণ্টিবায়টিক ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ ইয়াৰ উপৰি চিকিৎসকসকলক ৰোগীক ঔষধ সেৱনৰ পৰামৰ্শ দিয়াৰ সময়ত ৰোগৰ সময়সীমা বিষয়টোৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ আইচিএমআৰে নিৰ্দেশনাত কোৱা হৈছে যে সাধাৰণ সংক্ৰমণত প্তদিন, হাস্পতালত হোৱা নিমুনিয়াৰ বাবে জ্জ্ব দিনৰ বাবে এণ্টিবায়’টিক দিব লাগে৷ কিন্তু সাধাৰণ ৰোগত এণ্টিবায়’টিক পৰাপক্ষত পৰিহাৰ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে আইচিএমআৰে৷ ইয়াৰ উপৰি আইচিএমআৰে গুৰুতৰভাৱে অসুস্থ ৰোগীসকলৰ বাবে এণ্টিবায়’টিক থেৰাপী সীমিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ ২০২১ চনৰ ৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত এই সংস্থাটোৱে চলোৱা এক জৰীপত এই কথা পোহৰলৈ আহে যে ‘কাৰ্বাপেনেম’ এণ্টিবায়’টিক এতিয়াও বৃহৎসংখ্যক ৰোগীৰ বাবে উপযোগী বুলি প্ৰমাণিত হোৱা নাই আৰু এই এণ্টিবায়’টিকে কোনো প্ৰভাৱ পেলোৱা নাই৷

Exit mobile version