দিল্লীত ছোনিয়া-ৰাহুলক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ

1 min read

প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি ভূপেন বৰাৰ (Bhupen Bora) নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শনিবাৰে দিল্লীত সাক্ষাৎ কৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ নেতা ৰাহুল গান্ধীক । প্ৰতিনিধি দলটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপৰিও তিনি নৱ-নিযুক্ত কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ্য দে পুৰকায়স্থ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰাণী নৰহ, ৰিপুণ বৰা আৰু গৌৰৱ গগৈৰ লগতে অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙো উপস্থিত থাকে ।

উপস্থিত থাকে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱো । প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই এয়া এক সৌজন্যমূলক সাক্ষাৎ বুলি প্ৰকাশ কৰিলেও অসমৰ আগন্তুক উপ-নিৰ্বাচন সন্দৰ্ভতো ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে প্ৰতিনিধি দলটোৱে । উল্লেখ্যে যে, প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি এতিয়াও পূৰ্ণাংগ ৰূপত গঠন হোৱা নাই ।

ইয়াৰ মাজতে শনিবাৰে এই প্ৰতিনিধি দলটোৱে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰা ঘটনাই তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ।

এই সাক্ষাতৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, প্ৰায় ডেৰ ঘন্টা সময় প্ৰতিনিধি দলটোৰ প্ৰতিজন নেতাই নিজৰ মনৰ ভাৱ কংগ্ৰেছ সভানেত্ৰী গৰাকীৰ আগত প্ৰকাশ কৰিলে ৷ আগন্তুক সময়ত বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছে অসমত কি ধৰণে যুঁজ দিব সেই বিষয়ে সভানেত্ৰী গৰাকীৰ সৈতে আলোচনা কৰা হ’ল ।

আনহাতে, দলীয় শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত সভানেত্ৰী গৰাকীয়ে এই প্ৰতিনিধি দলটোৰ ওপৰত সকলো কৰ্তৃত্ব ন্যস্ত কৰে বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে । এই ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি মানি চলিবলৈও দলটোক নিৰ্দেশ দিয়ে ছোনিয়া গান্ধীয়ে ।

You May Also Like

More From Author