আজিৰ দিনটোৰ ৰাশিফল- April 19

0 min read

মেষ: কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি পাব৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ পাৰিবাৰিক সমস্যা থাকিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷

বৃষ: কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবামতে সকলো দিশেই ভাল ফল নাপাব৷ ভ্রমণাদিত অন্যমনস্ক নহ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

মিথুন: বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভ৷ আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৩৷

কর্কট: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ গৱেষকসকলৰ সাফল্য লাভ৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷

সিংহ: পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷

কন্যা: উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহ ভাল বুলি ক’ব পাৰি৷ হেৰুৱা সম্পত্তি পুনৰ প্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

তুলা: আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৯৷

বৃশ্চিক: ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বর্তি থাকিব৷ ভ্রমণত কষ্ট পাব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

ধনু: চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

মকৰ: কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ বিদ্যাত শুভাশুভ ফল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৪৷

কুম্ভ: ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷

মীন: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

You May Also Like

More From Author