শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ আৰিয়ান খানে পুনৰ সংবাদ শিৰোনাম দখল কৰিছে। কিছুদিন পূৰ্বে পাকিস্তানী অভিনেত্ৰী ছাদিয়া খানে নৱবৰ্ষৰ পাৰ্টিৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰে এখন ফটোত তেওঁক দেখা গৈছিল আৰিয়ান খানৰ সৈতে, যিখন ফটো দেখাৰ লগে লগে ভাইৰেল হৈ পৰে। ইয়াৰ পিছত ছাদিয়া আৰু আৰিয়ানৰ ডেটিংৰ খবৰ চাৰিওফালে বিয়পি পৰে।
দৰাচলতে ডুবাইত নৱবৰ্ষৰ পাৰ্টিত অংশ লৈছিল আৰিয়ান খানে। একে সময়তে সেই পাৰ্টিত ছাদিয়া খানও উপস্থিত আছিল। ফটোখনত দেখা গৈছে যে ছাদিয়াক ক’লা সাজ-পোছাক পিন্ধি দেখা গৈছে। একে সময়তে আৰিয়ান খানক মেৰুণ ৰঙৰ টি-চাৰ্ট আৰু বগা জেকেটৰ সৈতে নীলা ৰঙৰ ডেনিম পৰিধান কৰা দেখা গৈছে। দুয়োজনে কেমেৰাৰ সন্মুখত পোজ দি ফটো ক্লিক কৰিছে। এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত ছাদিয়া আৰু আৰিয়ানৰ সম্পৰ্কক লৈ নেটিজেনে জল্পনা-কল্পনা কৰিছে।
ছাদিয়া খান কোন?
ডি এন এৰ প্ৰতিবেদন অনুসৰি ছাদিয়া খান পাকিস্তানৰ এগৰাকী জনপ্ৰিয় টিভি অভিনেত্ৰী। ‘খুদা ঔৰ মহব্বত’, ‘ছায়াদ’, ‘মৰিয়াম পেৰিয়াৰ’, ‘য়াৰিয়ান’কে ধৰি বহু শ্ব’ত অভিনয় কৰিছে তেওঁ। ইয়াৰ উপৰিও ইণ্ডো-নৰ্ৱেজিয়ান ৰোমান্টিক Dunno Y2: Life Is a Moment ছবিখনতো কাম কৰিছে।
ইয়াৰ উপৰিও ছাদিয়াই ‘খুদা আৰু মহব্বত’ ছিজন ১ আৰু ছিজন ২ৰ বাবে পৰিচিত। শেষবাৰৰ বাবে দেখা গৈছিল মৰিয়াম পেৰিয়াৰাত। এই শ্ব’টোত মৰিয়ামৰ চৰিত্ৰত দেখা গৈছিল ছাদিয়াক।
