Site icon Guwahati Times

জনপ্ৰিয় অভিনেতা আচিফ বাসৰাই কৰিলে আত্মহত্যা

জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই কৰিলে আত্মহত্যা। হিমাচল প্ৰদেশৰ ধৰ্মশালাত অভিনেতাজনে আত্মহত্যা কৰে। টিভি আৰু ছবিজগতৰ অতি জনপ্ৰিয় অভিনেতা আছিফ বশ্ৰাই আজি দিনৰ প্ৰায় ১১.৩০ বজাত আত্মহননৰ পথ বাছি লয়।

অৱশ্য়ে তেওঁৰ মৃত্যুৰ খবৰ প্ৰায় ১২.৩০ বজাতহে পোৱা যায়। হিমাচল প্ৰদেশৰ কাংগড়াৰ এছ এছ পি বিমুক্ত ৰঞ্জনে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীয়ে ৰাজ্যখনৰ ধৰ্মশালাত থকা নিজা বাসভৱনত চিপ লৈ আত্মহত্যা কৰে।

ইতিমধ্যে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে ফৰেনচিক বিভাগে বিভিন্ন অনুসন্ধান চলাইছে। এতিয়ালৈ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

Exit mobile version