Site icon Guwahati Times

মোদী কেবিনেটত অসমৰ পৰা কোনে পাব স্থান, ব্যাপক কুজকাৱাজ আৰম্ভ, মন্ত্ৰীসভাত সোণোৱালৰ লগতে চৌধুৰী অথবা পৰিমল শুক্লবৈদ্য!

অহা ন জুনত শপতগ্রহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ মন্ত্রীসভাত অসমৰ পৰা কোনে স্থান লাভ কৰিব? ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে। মোদীৰ যোৱা কার্যকালত অসমৰ পৰা দুজনে মন্ত্রীসভাত স্থান লাভ কৰিছিল। এইবাৰো এই সংখ্যাৰ ব্যতিক্রম নহয় বুলি বিজেপিৰ শীর্ষ সূত্ৰত প্রকাশ; কিন্তু এই দুই সৌভাগ্যবান কোন হ’ব? দলীয় সূত্ৰৰ মতে, ইয়াৰে এজন হ’ব সর্বানন্দ সোণোৱাল।

কাৰণ সোণোৱালে মোদীৰ গুডবুকত স্থান লাভ কৰি আহিছে। অসমৰ মুখ্যমন্ত্ৰিত্বৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কে’বাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও সোণোৱালে চম্ভালিছিল। চৰকাৰৰ কে’বাখনো শীর্ষ সমিতিৰ সদস্য আছিল সোণোৱাল। এনে পৰিপ্ৰেক্ষিতত নতুন মন্ত্রীসভাতো সোণোৱালেই স্থান লাভ কৰিব বুলি সূত্ৰটোৱে সদৰী কৰে। অসমৰ পৰা মূল কেবিনেটত সোণোৱালেই প্রতিনিধিৰূপে থাকিব।

সোণোৱালৰ লগত দ্বিতীয় কোনে মন্ত্রীসভাত স্থান পাব ? অবশ্যে দ্বিতীয়জনে মূল কেবিনেটত স্থান নাপায়। তথাপি সেইজন কোন হ’ব, এই চর্চা ব্যাপকভারে চলিছে। সূত্ৰত প্রকাশ যে মোদীৰ মন্ত্রীসভাত সোণোৱালৰ পাছত অসমৰ পৰা দ্বিতীয়জন প্রতিনিধি হিচাপে মিত্রদলৰ সাংসদেই স্থান পোৱাৰ সম্ভাৱনা অধিক। সেই সম্ভাৱনা অতি উজ্জ্বল অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ।

অসমৰ ৰাজনীতিত দীর্ঘ সময় প্রত্যক্ষভাবে জড়িত হৈ আছে চৌধুৰী। তেওঁ আঠবাৰৰ বিধায়ক। তেওঁ অসম চৰকাৰৰ প্ৰাক্তন মন্ত্রীও আছিল। গতিকে ৰাজ্যিক স্তৰত বিভাগ চলোৱাৰ তেওঁৰ অভিজ্ঞতা আছে। বয়স তথা অভিজ্ঞতাৰ দিশৰ পৰাও তেওঁ জ্যেষ্ঠ।

সেয়েহে প্ৰথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হ’লেও জ্যেষ্ঠতা, অভিজ্ঞতা আৰু মিত্ৰদলৰ প্ৰতিনিধি হিচাপে চৌধুৰীয়ে মন্ত্রিত্ব লাভ কৰাৰ সম্ভাৱনা অধিক বুলি চর্চা চলিছে। আনহাতে,ৰাজ্যিক মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে বিজেপিৰ নৱ- নিৰ্বাচিত শিলচৰৰ সাংসদ পৰিমল শুক্ল বৈদ্য ৷ ৰাজ্যৰ কে’বাটাও বিভাগৰ মন্ত্ৰীৰূপে অভিজ্ঞতা থকা শুক্ল বৈদ্য মন্ত্ৰী পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে অগপৰ ফণীভূষণে মন্ত্ৰিত্ব নেপালে শুক্ল বৈদ্যৰ নাম আহিব পাৰে ৷

Exit mobile version