Site icon Guwahati Times

ৰাইজৰ দলৰ ধিং সমষ্টি সমিতিৰ বর্ধিত কার্যনির্বাহক সভা সম্পন্ন

Oplus_16908288

৫৫ নং ধিং বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নির্বাচন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক তৎপৰতা তীব্ৰ ৰূপ ধাৰণ কৰিছে।

 

এই পৰিপ্ৰেক্ষিতত ৰাইজৰ দলেও সমষ্টিটোত দলীয় সংগঠন অধিক শক্তিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচাৰ আৰু সভা-সমিতিৰ জৰিয়তে তৎপৰতা বৃদ্ধি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছে ৰাইজৰ দলৰ মুখপাত্র তথা যুৱনেতা মেহবুব মোক্তাৰে। ইয়াৰোপৰি সমষ্টিৰ বিভিন্ন অঞ্চলত ঢুকে-কোণে সভা-সমিতি আৰু কৰ্মী বৈঠক অনুষ্ঠিত কৰি দলীয় কর্মীসকলক সংগঠিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে দলটোৱে। এই ধাৰাবাহিকতাৰ অংশ হিচাপে ধিঙৰ ৰত্ন ভৱনত ৰাইজৰ দলৰ ধিং সমষ্টি সমিতিৰ এক বর্ধিত কার্যনির্বাহক সভা অনুষ্ঠিত হয়। সভাখনত দলীয় কর্মী-সমর্থকৰ বিপুল উপস্থিতিয়ে সমষ্টিটোত ৰাইজৰ দলৰ প্রতি বৃদ্ধি পোৱা আগ্ৰহৰ স্পষ্ট ইংগিত দিয়ে।

 

ধিং সমষ্টি সমিতিৰ সভাপতি শ্বৰিফ উদ্দিন (বাবুল)ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেবা শতাধিক দলীয় কর্মীয়ে অংশগ্রহণ কৰে। সভাখনত আগন্তুক নির্বাচনী যুঁজত কেনেদৰে সুসংগঠিত পৰিকল্পনাৰে আগবাঢ়ি জয় লাভকৰিব পৰা যাব, সেই সন্দৰ্ভত বিস্তৃত আলোচনা হয়। বিভিন্ন স্তৰৰ সক্ৰিয় কৰ্মীয়ে নিজৰ নিজৰ মতামত আৰু প্ৰস্তাৱ আগবঢ়াই সংগঠন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

উল্লেখযোগ্য যে বিগত প্রায় দুটা দশক ধৰি ধিং সমষ্টিটো এ আই ইউ ডি এফৰ দখলত আছে।

 

এইবাৰ সমষ্টিটোক এ আই ইউ ডি এফ আৰু বিজেপিমুক্ত কৰাৰ দঢ় সংকল্প লয় বুলি সভাখনত উপস্থিত দলীয় কর্মীসকলে প্রতিশ্রুতি ব্যক্ত কৰে। সভাত ভাষণ প্রসংগত ধিং সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক পদৰ প্ৰাৰ্থী মেহবুব মোক্তাৰে কয় যে, কংগ্ৰেছ দল তথা বিৰোধী

 

ঐক্যমঞ্চৰ সৈতে সমষ্টিটোত ৰাইজৰ দলৰ মিত্রতা প্রায় চূড়ান্ত পর্যায়ত উপনীত হৈছে।

 

মিত্ৰতা ঘোষণা হোৱাৰ পিছত মিত্ৰ দলসমূহৰ নেতা-কর্মী আৰু সমর্থকসকলৰ সৈতে সন্মান আৰু বন্ধুত্বসুলভ পৰিৱেশ সৃষ্টি কৰি একেলগে নির্বাচনী যুঁজ আগবঢ়োৱাৰ আহ্বান জনায় তেওঁ।

 

তেওঁ লগতে কয় যে, বিগত ২০ বছৰে সমষ্টিটোত যিসমূহ উন্নয়নমূলক কাম হোৱা নাই, সেয়া নির্বাচিত হ’লে পাঁচ বছৰৰ ভিতৰতে বাস্তবায়িত কৰি দেখুৱাব বুলি তেওঁ দৃঢ় বিশ্বাস প্রকাশ কৰে।

Exit mobile version