Guwahati Times

ৰাঁচীত অসমৰ জোৱানৰ মৃত্যু

গুৱাহাটী: ঝাৰখণ্ডত কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’ল অসমৰ জোৱানৰ।

ঝাৰখণ্ডৰ ৰাঁচীত মৃত্যুবৰণ কৰা জোৱানগৰাকী চি আৰ পি এফৰ ১৩৩নং বেটেলিয়নৰ প্ৰবীণ মুছাহাৰী বুলি জানিব পৰা গৈছে।

বাগসাৰ শালবাৰীৰ ডুবা গাঁৱৰ বাসিন্দা প্ৰবীণ মুছাহাৰীয়ে ছাৰ্ভিচ ৰাইফলেৰে আত্মহত্যা কৰা বুলি চি আৰ পি এফৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ ফোনযোগে জনায়। পৰহি নিশা পৰিয়ালটোক জনোৱাৰ পিছত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে।

আগষ্টত ছুটী লৈ অক্টোবৰত পুনৰ কৰ্তব্যলৈ গমন কৰাৰ পিছত আত্মহত্যাৰ কথা শুনি আশ্চৰ্য প্ৰকাশ কৰে পৰিয়ালৰ লোকে।

মুছাহাৰীৰ মৃতদেহ ঘৰলৈ আনি থকা হৈছে বুলি জানিব পৰা গৈছে।

Exit mobile version