24.3 C
Assam
Friday, September 30, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

Assamese News১২ ছেপ্টেম্বৰৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন

পঞ্চদশ অসম বিধানসভাৰ চলিত বৰ্ষৰ শৰৎকালীন অধিৱেশন অহা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। অসম বিধানসভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰত চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্রসংগ, প্ৰশ্ন শিতান, অধ্যক্ষই অসম বিধানসভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কার্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা, অসম বিধানসভাৰ প্ৰক্ৰিয় আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্রতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা আৰু চৰকাৰী বিধেয়কসমূহউপস্থা। ১৩ ছেপ্টেম্বত বে চৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদস্যৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি। ১৫ ছেপ্টেম্বৰত চৰকাৰী কাৰ্যসূচীত থাকিব প্ৰশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ অসম বিনিয়োজন (নংIII) বিধেয়কসমূহউপস্থা, বিবেচনা তথা পাতিকৰণ। ১৬ ছেপ্টেম্বৰৰ চৰকাৰী কাৰ্যসূচীত আছে প্রশণসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি। ১৯ ছেপ্টেম্বৰৰ অন্তিম দিনৰ চৰকাৰী কাৰ্যসূচীত আছে প্রশণসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগিত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: