Site icon Guwahati Times

কৰ্ণাটক ফুটবল দলৰ হৈ সন্তোষ ট্ৰফী খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ যুৱক সত্যজিৎ বৰদলৈ উপস্থিত হ’ল স্ব-গৃহত ।

YouTube video player

কৰ্ণাটকৰ হৈ ফুটবল খেলি শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰি আনিবলৈ সক্ষম হোৱা মৰিগাঁৱৰ সু-সন্তান সত্যজিৎ বৰদলৈয়ে চাৰণপাৰ ঔজাৰীস্থিত বাসগৃহত উপস্থিত হোৱাৰ লগে-লগে বিভিন্ন দল সংগঠনে জনালে উষ্ম আদৰণি। চৌদি আৰৱত অনুষ্ঠিত হোৱা Santosh Trophyৰ টুৰ্ণামেন্টত কৰ্ণাটকৰ হৈ গল কিপাৰ খেলিছিল মৰিগাঁও ঔজাৰীৰ ২৭ বছৰীয়া যুৱক সত্যজিৎ বৰদলৈয়ে ।

ফাইনেল খেলত মেঘালয়ক পৰাস্ত কৰি শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে হৃদয় জিনিবলৈ সক্ষম সমগ্ৰ দেশৰ ফুটবলপ্ৰেমী সকলৰ মাজত। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মৰিগাঁৱৰ সন্তান জনে অসমৰ হৈ সুবিধা নেপালে খেলিবলৈ।

বিভিন্ন অজুহাত দেখুৱাই অসমৰ হৈ খেলাৰ পৰা বঞ্চিত কৰিছিল নিৰ্বাচক মণ্ডলীয়ে যদিও অৱশেষত নিজৰ একাগ্ৰতা আৰু দৃঢ়ভাৱে চলাই থকা অনুশীলনৰ বাস্তৱিক ৰূপত সপোন প্ৰতিফলিত কৰিবলৈ সক্ষম হয় সত্যজিৎ বৰদলৈয়ে।

মৰিগাঁও পৰা মনোৰঞ্জন মহন্ত

Exit mobile version